শ্যায়েৰী
সঞ্জীৱ সাগৰ চৌধুৰী
(১)
চাওঁছোন নৈ নে আকাশ হোৱা তুমি
বৈ আহা নে সৰি পৰা তুমি
সাগৰৰ আগত অভিমান এটি বালিঘৰ মাথো
কোৱা বান নে বৰষুণ হ'বা তুমি !
(২)
এতিয়া মাথো মৃত্যুৰ ধমকতহে লিখো
নথকা বহুদিন হ'ল জীৱনৰে মাতবোল !
(৩)
জনম নো ক'ত হৈছিল তোমাৰ,তোমাৰ তো প্ৰকাশ হৈছিল
মুধচ হৈ হৈ তোমাৰ আঁচল এদিনাখন মোৰ আকাশ হৈছিল
চাই থাকো এতিয়া ৰ'দ-বৰষুণৰ বাবে বেঙামেলি তোমালৈ মই
ছাঁ-পোহৰতেইতো তোমাৰ জীৱন-পোখালি মোৰ বিকাশ হৈছিল !
No comments:
Post a Comment