দুখ, খুচুৰা পইচাৰ দৰে
নৱজিৎ দেউৰী
দুখ বেছি হ'লেই হেৰাই যোৱাটো ভাল
অথবা বৃক্ষৰ দৰে স্থিৰে থকাটো ভাল।
পাত সৰা পিছতো
পানীৰ ভিতৰত পানী হেৰুৱাই
বিচাৰিব পাৰি আনন্দ।
কিন্তু,
দুখ, খুচুৰা পইচাৰ দৰে
আজি-কালি কোনেও লগত ৰাখিব নিবিচাৰে।
তোমাক পাহৰি যোৱাৰ দুখে মোক
ব্যথিত কৰা নাছিল,
বৰঞ্চ, কৰিছিল একাকিত্ব ৰাজসাক্ষী।
সকলো দুখ নোহোৱা হৈ গ'লে
মানুহ নাবাচে!
No comments:
Post a Comment