এনেই (৫)
ধন দাস
অলপদিন হ'ল
আপুনি নিৰুদ্দেশ হোৱা
থমা-দৈৰ দৰে ৰাতিটো
কাষতে থিয় হৈ থাকে একো নকয়
কোলাহলবোৰ গাত সানি বেৰখন
থিয় হৈ থাকে সমূখত কন্দনামূৱা হৈ
কথাবোৰ নিথৰ
ৰেইনকোট পিন্ধি কবিতা এটাই
বৰষুণ বুকুত লৈ চিতা সজাত ব্যস্ত
বিষন্ন ৰুটি দুখন কাঁহিৰ একাষে বহি থাকে
চিগি ভাগি শেষ হ'বলৈ
আপুনি নিৰুদ্দেশ হোৱা
ভালেকেইদিন হ'ল
এতিয়া আপোনাৰ লগত কটোৱা সময়বোৰে
মোক কূটি কূটি খাইছে
No comments:
Post a Comment