সৰাপাতে পাতি যোৱা বাটেৰে - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

সৰাপাতে পাতি যোৱা বাটেৰে

 


সৰাপাতে পাতি যোৱা বাটেৰে

মাধুৰিমা বড়া

তিনিচুকীয়া


সেউজীয়াৰ পৰা হাওলি

শুকান পাতৰ

অস্হি -চৰ্মসাৰৰ নিনাদিত প্ৰাৰ্থনাত বিগলিত হয় তৰুকুল

তৃষাৰ বাবে উন্মনা হৈ পৰা ঝংকাৰ

টুপ টুপ বৰষুণ হৈ সৰে


হালধীয়া হৈ সমাধিস্থ হয় সৰাপাত

সৰাপাতে পাতি যোৱা বাটেৰে আৰম্ভ হয় কুঁহিপাতৰ জন্ম যন্ত্ৰণা


কুঁহিপাত-তৰুদ্ৰুমৰ দ্বাৰ উন্মোচক

কুঁহিপাত-পোহৰৰ প্ৰতিভূ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages