সময়
অলকা পাটোৱাৰী কলিতা
সৌ তাহানিৰ সময়বোৰ
আছিল দেখোন মধুযময়।
আজিৰ সময় দু:সময়
খোজে প্ৰতি বিভীষিকা ময়।
লৰালিৰ দিনবোৰ অতীত হ'ল
স্মৃতিৰ সজাত বন্দী হৈ ৰল।
বৰ্তমানৰ দিনবোৰে ভয়াৰ্ত হৈ
প্ৰতিটো খোজত আগভেটা দিয়ে।
একুৰা দপদপকৈ জ্বলি থকা জুইত
কলিজাটো দহিছে ক্ষণে ক্ষণে প্ৰতি পলে।
আশ্ৰয়ৰ শেষ ভৰষা মাতৃৰ চাদৰৰ আচল খনি
আজি নাই মুখ ঢাকি ভয় ৰধিবলৈ।
আজিৰ সময় বিভীষিকা ময় দু:সময়।
No comments:
Post a Comment