স্বাধীন ভাৰত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

স্বাধীন ভাৰত

 


স্বাধীন ভাৰত

আব্দুৰ ৰশিদ

বৰপেটা, মইনবৰী


মহান বৈপ্লৱিক নেতাসকলে

বলিষ্ঠ কন্ঠৰে

উচ্চ স্বৰে

মুক্ত মনে 

ওলাই আহি

কৰিছিল সংগ্ৰাম

ব্ৰিটিছৰ বিৰুদ্ধে।।


ব্ৰিটিছৰ কু-শাসনত 

অতিষ্ঠ হৈ

দেশ মাতৃক ৰক্ষাৰ্থে

হেজাৰ হেজাৰ জনতাই

ৰাজ আলিলৈ ওলাই আহি

মুক্তভাৱে প্ৰতিবাদ কৰিছিল

ইংৰাজৰ বিৰুদ্ধে।।


হিন্দু, মুছলিম, শিখ, জৈন, বৌদ্ধ, খ্ৰীষ্টান

নাছিল কোনো ভেদভাৱ

নাছিল কোনো হিংসা 

ঐক্যবদ্ধ হৈ 

মুক্ত কণ্ঠে কৈছিল-

"কৰিম নহয় মৰিম"

তথাপিও কৰিম জয়

 আমাৰ দেশ ।।


কুলাঙ্গাৰ ব্ৰিটিছ সকলে

ভাৰতীয় বীৰ জোৱান সকলক 

ৰাজ আলিৰ দুয়ো কাষে

ডাঙৰ ডাঙৰ গছ সমূহত

শাৰী পাতিকৈ ফাঁচি কাঠত 

ওলোমাই ৰখা

সেই কৰুণ দৃশ্যক 

আজিও পাহৰিব পৰা নাই

ভাৰতবাসীয়ে ।।


হাজাৰ হাজাৰ বীৰ জোৱান সকলৰ

কেঁচা তেজৰ বিনিময়ত 

আজি আমি

পূৰ্ণ স্বাধীনতা লাভ কৰিছোঁ ।।


হে মহান বীৰ জোৱান সকল

জনাও তোমাক প্ৰণাম ।

জনাও তোমাক প্ৰণাম।।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages