শলিতা
নিজৰা দাস
ওদালগুৰি
তুমি জ্বলি থাকা অকম্পিত হৈ,
জ্বলি থাকা তুমি চঞ্চলবিহীন হৈ,
সাগৰৰ ঢৌ ঘনকৈ বাঢ়িছে,
আন্ধাৰত নিশব্দ ,নিসংগ,বিদ্যুতেও নাচিছে
ভাগৰুৱা আকাশৰ বেদনা।
চকুলোৰে সিক্ত অঞ্চল,
হে নিয়তি ,নেমাতিবি মোক
তোৰ আহ্বানে ছাই কৰিছে মোক,
ডেউকাৰ চাই তোৰ লগতে থাকক।
যেন এই যন্ত্ৰণা অন্তহীন হৈ পৰিছে।
হে নীড় ভগা পক্ষী ,
এই জ্যোতিবিহীন ধৰণীত তোৰ যেন
নেহেৰায় পথ ।
শান্ত শীতল জ্যোতিৰ তুলিকাৰে
সকলোৰে ছবি উজলি পৰক।
পোহৰ তুমি জ্বলি থাকা।
No comments:
Post a Comment