আলসুৱা শব্দৰ কলাজ
পৰিমিতা গোস্বামী
শিলনীজান , কাৰ্বি আংলং
(১)
প্ৰথম সৰ্গ (নিজস্বতা )
গোঁজ মাৰি থাকিলেও এঠাইত
ফাগুনে বলাৎকাৰ কৰিলেও
কেতিয়াবা
দোঁ খাই পাতৰ ভৰ
শিপাই শিপাই শিপাই শিপাই
গৰ্ভলৈকে চুমিব পাৰে মাটি
ওখ হৈ হৈ হৈ হৈ
উচ্চতাৰ শীৰ্ষ জিনি
মূৰ তুলি চাব পাৰে আকাশ।
গছ হোৱাই ভাল
থাকে নিজস্বতা, স্বকীয়তা ।
(২)
দ্বিতীয় সৰ্গ ( খোজ )
সময়নো আৰু কি ?
দোলি থাকে
টিক্ টক্ টিক্ টক্
ঘড়ীৰ কাঁটাই লৈ ফুৰে
পিঠিত বান্ধি।
খোজ ?
এক, দুই, তিনি
খোজত খোজ
নিৰৱচ্ছিন্ন সময়ৰ জালিকটা ভাঁজত
নিৰূপণ হয় খোজৰ গতি।
(৩)
তৃতীয় সৰ্গ (জীৱন)
চোঁ--- মাৰি চিলনীয়ে
আঁজুৰি লৈ যায়
ক’ত আধা অঁকা বৃত্তৰ ছবি
জীৱন ঘড়ীৰ কাঁটা ঘূৰে
জীৱন ঘড়ীৰ কাঁটা ঘূৰে
ক্ৰমশঃ
যেনেকৈ ঘূৰে
সূতা থকালৈকে উঘা ।
No comments:
Post a Comment