বেদনাৰ অন্য এক নাম নাৰী
সবিতা বৰুৱা
কমলপুৰ, কামৰূপ
তেজ মঙহৰ শৰীৰত
জীৱন্তে কৰা অস্ৰোপ্ৰচাৰ
কিমান যে বেদনাদায়ক
তুমি নাৰী___
সেয়ে চকু মুদি সহ্য কৰা
ত্যাগ কৰা আনৰ সুখৰ বাবেই
নিজৰ সুখ
নীৰৱে সহি থকা দেহৰ দুখ
তুমি নাৰী____
সেয়ে যম নগৰীত কিমান বাৰ যে
হয় তোমাৰ প্ৰৱেশ
দুখৰ যাতনা বোৰ নিৰ্জু ভাবেই সামৰি
থোৱা বুকুত
আকৌ উভতি অহা অবুজ পৃথিৱীত
চিৰসুন্দৰৰ সৃষ্টিৰ স'তে জীয়াই থকাৰ
অদম্য হেঁপাহ আৰু সপোনৰ পিছে পিছে।
তুমি নাৰী।
No comments:
Post a Comment