জীৱনৰ বহুব্ৰীহি
মিতালী গোস্বামী
লিখিম বুলিও লিখিব পৰা নাই,
এখন চিঠি
এটা কবিতা
এটা স্তৱক ৷
শব্দবোৰে বিক্ষোভ কৰে
ধৰফৰাই পাখিকটা পখীৰ দৰে ৷
এবাৰ ভাবো: আকাশৰ নীলাত তোমাৰ নামটোকে লিখো
এবাৰ ভাবো
তৰাবোৰ জুকিয়াই এটা অংক কৰো।
শব্দৰ শৰ এপাট চিটিকি আহি
বুকুতে পৰিব পাৰে
পাৰে পাৰে ,ল
কথাৰ ৰহঘৰাত শব্দ
পকাই পকাই বৰ্তুল কৰিব পাৰে ৷
বুকুৰ ক্ষোভ বুকুতে ৰাখি
শব্দ হৈ যাব পাৰে বলিৰ পাঠা ৷
এজনে শব্দৰ ডিঙিত ধৰি
শালত পাতে
আৰু এজনে বলিকটা দাৰে
শব্দৰ বলি কাটে ৷
মই লিখিম বুলিলে লিখিম
হ’লেও হওক উদ্গীৰিত বৰ্ণৰ
আগ্নেয়গিৰি,
খং বোৰ জুই হ’ব পাৰে
আন্দোলিত বৰ্ণৰ কঠিয়া তুলি
লিখিম এটা কবিতা ৷
দ্যুতিৰ দ্বাৰ উন্মুক্ত কৰি
লিখিম জীৱনৰ বহুব্ৰীহি ৷
No comments:
Post a Comment