মা
মধুমিতা শৰ্মা
মা: এটি মাথোন শব্দ নহয়
এখন নৈ হৈ বৈ থাকে মা।
দহ মাহ দহ দিন
সন্তানক ধাৰণ কৰে মা
সন্তানক মৰম দিয়াত কেতিয়াও কৃপণালি নকৰে -মা।
বিশাল পৃথিৱী খন দেখুৱাইছে -মা
প্ৰথম খোজটো দিবলৈ শিকালে- মা।
নিজৰ কষ্ট বোৰক
সন্তানৰ মৰমৰ আগত সমৰ্পণ কৰে -মা
পঢ়াশালিত প্ৰথম দিন ফেকুৰি কান্দতে
মৰমেৰে সাবটি ধৰিছিল মা।
তথাপিও কিয় হেজাৰ গৰাকী মা ৰ আজি
শেষ আশ্ৰয় বৃদ্ধাশ্ৰম
তথাপিতো কিয় হেজাৰ মাতৃ আজি
ফেচবুকত আপলোড কৰাৰ বাবে
দিবলগা হৈছে মিছা ভংগীমা?
তথাপিতো কিয় নিজ পুত্ৰ বোৱাৰী য়ে এৰি থৈ আহিছে
নিজ মাতৃক আজি ৰাজপথৰ দাঁতিত
No comments:
Post a Comment