তৃপ্তি
ছফিক্ উজ জামান(দুলাল)
গোসাঁইডুবি, গোৱালপাৰা
চিলাই ফুৰোঁ ফিচিকা হিয়া
সাজোঁ প্ৰীতিৰ টিপচীবাহ
নিঃস্ব মই
আছে অকল
ভৰিতলৰ মাটিকণ
নিৰন্তৰ তাতেই কৰি ভৰ
হিয়াত কৰোঁ লালন
আকাশ চুইচোৱাৰ সপোন
চাগৈ জোন-বেলিয়েও তেনেকৈ
আপোন মন পেলায় শাঁত
প্রাণ উজাৰি পোহৰ বিলাই
নিৰৱে জিৰাই ধৰণীৰ কোলাত
ফোন: ৯৯৫৪৯৬৩১৩৮
No comments:
Post a Comment