কি আছিল এই ৰাতি
বিকাশ শৰ্মা
মই নুবুজো চকুত মৰহি যোৱা
কেঁচা টোপনিৰ জাল।
তুমি হয়টো বুজিব পৰা
শিপাৰ অৰ্ধদগ্ধ মাটিৰ পুতলাবোৰ।
কথাবোৰ যে এনেকুৱাই আছিল...
মই হয়টো বেলিৰ জিভাত পিছলি আছিলো।
ইমান নিৰ্দয় ৰাতিটোৱে যে চোবাই আছিল
শিলৰ ঋতু...
নাই... নাই...
মই কেতেকীৰ বাঁহত বুঢ়াশিয়ালৰ
সাধু শুনিছিলো।
হ'ব পাৰে,
মথাউৰিত যে গুৰুলা-গুৰুলকৈ
পিটা হৈছিল শালকাঠৰ টুকুৰাবোৰ...!
এজাক চৰাইৰ কৰুণ মৃত্যুৰ পিছত
হাবিতলীয়া সুবাসবোৰ দুনাই নাহিল...।
ফোনঃ ৭০০২৫৯২২৯৩
No comments:
Post a Comment