শিক্ষক
চন্দ্রিকা দলে
মাজুলী
এগচি চাকি হৈ জ্বলি থাকে তেওঁ
নিস্বাৰ্থভাবে আনক পোহৰ বিলাই।
ফলিত আখৰ লিখি, অজ্ঞানতা দূৰ কৰি
তেওঁ পঢ়ুৱাই জীৱনৰ পাঠ।
অন্ধকাৰ বিনাশ কৰি,
নীতি শিক্ষাৰ শলিতা জ্বলাই
তেওঁ জ্বলি থাকে এগচি বন্তি হৈ ।
কিতাপৰ শাৰীবোৰৰ মাজে মাজে ;
তেওঁ দেখুৱাই জীৱনৰ গতি
মাথো বিলাই জ্ঞানৰ পোহৰ
নিজকে জ্বলাই আৰু জ্বলাই ।
ফোনঃ ৯১০১০৬৬৬৩৬


No comments:
Post a Comment