কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

কবিতা




 কবিতা

বিকাশ বৰুৱা


মনত পৰিছেনে তোমাৰ ,

সিদিনা যে দুপৰীয়াৰ কাঁচিয়লি ৰ'দজাকে তোমাক যে বৰকৈ আমনি কৰিছিল ,

উপায় নাপায় তুমি যে চাদৰৰ আঁচলটি টানি আনি ঢাকি ৰাখিছিলা তোমাৰ জোন যেন মুখনি....


অনাবাঞ্চিতকৈ হলেও তুমি লোৱা ৰণিখনে জোনযেন মুখনিৰ গৰিমা বঢ়াইছিল....

অভা আছিল মাথো,

জোনাকী নিশা তিৰবিৰাই থকা তৰালিৰ নিচিনাকৈ কপালত ৰঙাকৈ জিলিকিবলৈ মোৰ মৰমখিনিৰ.....


কাজলেৰে কাজলী তোমাৰ হৰিণী চকুজুৰী

ৰ'দৰ পোহৰত  ৰঙাকৈ জিলিকি উঠা কপাহী ওঁঠদুটি

তাতে তোমাৰ বগাকৈ গালখনিত থকা ক'লাকৈ তিলটি

যেন পূৰ্ণিমা ৰাতিৰ জোনৰ পিঠিত দেখাপোৱা  মৰমলগা ক'লাখিনি ....


দীঘলীয়া তোমাৰ মেঘালী চুলি তাৰি 

বাৰেবাৰে পাকখাব খোজে  কাৰে থেৰুজুৰিত 

হালধীয়া কাপোৰজোৰে জোৰকৈ সাৱতি

গালত মৰম বিলাই থকা অলকাজুৰীয়ে 

বাৰুকৈ তোমাক কৰিছে শুৱনি ......


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages