পৰিৱেশ বিজ্ঞানৰ সৈতে জড়িত কেৰিয়াৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

পৰিৱেশ বিজ্ঞানৰ সৈতে জড়িত কেৰিয়াৰ


 

পৰিৱেশ বিজ্ঞান (Environmental Science )ৰ সৈতে  জড়িত কেৰিয়াৰ 

ড° বুলজিৎ বুঢ়াগোহাঁই


   ‘ৰিৱেশ বিজ্ঞান’  এটা বিষয় য’ত জীৱবিজ্ঞান , ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান , ভূগোল, সমাজ বিজ্ঞান আদি বিষয়ে অধ্যয়ন কৰা হয় । ‘পৰিৱেশ বিজ্ঞান’  পঢ়ি ছাত্র-ছাত্রীসকলে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত ‘পৰিৱেশ বিজ্ঞান’ৰ স্নাতক পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে । ‘পৰিৱেশ বিজ্ঞান’ত চাৰ্টিফিকেট,  ডিপ্লমা , স্নাতক , স্নাতকোত্তৰ , এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম কৰিব পাৰি । এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে – আমাৰ দেশত স্নাতক পৰ্যায়ত পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্রম থকা শিক্ষানুষ্ঠানৰ সংখ্যা কম । ইয়াৰ উপৰিও পৰিৱেশ অভিযান্ত্রিক (Environmental Engineering) আৰু পৰিৱেশ ব্যৱস্থাপনা (Environmental Management ) নামৰ দুটা পাঠ্যক্রম আছে । এম.ই. অথবা এম. টেক. পৰ্যায়ৰ পৰিৱেশ অভিযান্ত্রিক পাঠ্যক্রমত নামভৰ্ত্তি কৰিবৰ বাবে প্রাৰ্থী গৰাকী সংশ্লিষ্ট বিষয়ত বি.ই. অথবা বি.টেক. ডিগ্রী থাকিব লাগে । পৰিৱেশ বিজ্ঞানৰ উপ-শাখা কেইটামান হ’ল – পৰিৱেশ ভূতত্ত্ব, পৰিৱেশ ভূগোল , পৰিৱেশ আইন আদি ।


    দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘পৰিৱেশ বিজ্ঞান’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে । অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in) আৰু তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in )ত ‘পৰিৱেশ বিজ্ঞান’ৰ স্নাতকোত্তৰ আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । অসম বিশ্ববিদ্যালয়(http://www.aus.ac.in)ত  ডিপ্ল’মা ,স্নাতকোত্তৰ, এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই.আই.টি.) গুৱাহাটী (http://www.iitg.ac.in)ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছ।


      তেজপুৰ বিশ্ববিদ্যালয়ত ‘পৰিৱেশ বিজ্ঞান’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন। এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাগত অৰ্হতা হ’ল – কৃষি স্নাতক সকলে ১০ পইণ্ট স্কেলৰ ভিতৰত ৫ চি.জি.পি.এ. পাব লাগিব / বিজ্ঞানৰ স্নাতক সকলে ৰসায়ন বিজ্ঞান/প্রাণী বিজ্ঞান/উদ্ভিদ বিজ্ঞান/পদাৰ্থ বিজ্ঞান/পৰিৱেশ বিজ্ঞান বিষয় মেজৰ/অনাৰ্ছ হিচাপে লৈ ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে । যিসকল প্রাৰ্থীয়ে এই বিষয়বোৰত মেজৰ/অনাৰ্ছ পাঠ্যক্রম আগ নবঢ়োৱা শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হয়, তেওঁলোকে এগ্ৰিগেট অতি কমেও ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে । অনসূচিত জাতি , জনজাতি প্রাৰ্থীৰ বাবে ৫% নম্বৰ ৰেহাই থাকে । এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে এটি প্রৱেশ পৰীক্ষা পাতে। তেজপুৰ বিশ্ববিদ্যালয়ত ‘পৰিৱেশ বিজ্ঞান’ত পি.এইচ.ডি. পাঠ্যক্রমত নাম ভৰ্ত্তি প্রৱেশ পৰীক্ষা আৰু সাক্ষাত্কাৰ ভিত্তিত হয় ।


       গুৱাহাটী বিশ্ববিদ্যালয়(http://www.gauhati.ac.in)ত ‘পৰিৱেশ বিজ্ঞান’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ১৫ খন । এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এটি প্রৱেশ পৰীক্ষা পাতে ।


        অসম বিশ্ববিদ্যালয়(www.aus.ac.in)ত ‘পৰিৱেশ বিজ্ঞান’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩৮ খন । কটন বিশ্ববিদ্যালয়(http://www.cottonuniversity.ac.in) ত এনভিৰনমেণ্টেল এণ্ড ৱাইল্ড লাইফ ছায়েন্স (Environmental and Wildlife Sciences)ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা  আছে । ডিমৰীয়া মহাবিদ্যালয় (http://www.dimoriacollege.org) ত পৰিৱেশ ব্যৱস্থাপনা ( Enviroment Management ) ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা  আছে ।


      পৰিৱেশ বিজ্ঞান , পৰিৱেশ অভিযান্ত্রিক আৰু পৰিৱেশ ব্যৱস্থাপনা বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল - অন্ধ বিশ্ববিদ্যালয় (http://www.andhrauniversity.edu.in),আন্নামালাই বিশ্ববিদ্যালয় (www.annamalaiuniversity.ac.in) ,অৱধেশ প্রতাপ সিং বিশ্ববিদ্যালয় (http://apsurewa.ac.in), বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয় (http://www.bbau.ac.in), ভাৰথিয়াৰ বিশ্ববিদ্যালয় (http://www.b-u.ac.in),দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in),ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (http://www.bamu.ac.in),গোবিন্দ বল্লভ পন্ত কৃষি আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয় (www.gbpuat.ac.in), গুৰু গোবিন্দ সিং ইন্দ্রপ্রস্থ বিশ্ববিদ্যালয় (http://www.ipu.ac.in), গুৰু জম্ভেশ্বৰ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয় (www.gjust.ac.in),গুৰুকুল কাঁগ্রি বিশ্ববিদ্যালয় (http://gkv.ac.in) ,ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠান (http://www.iari.res.in),ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (http://www.iisc.ac.in), মণিপুৰ বিশ্ববিদ্যালয় (http://manipuruniv.ac.in) ,ৰাষ্ট্রীয় পৰিৱেশ অভিযান্ত্রিক গৱেষণা প্রতিষ্ঠান (www.neeri.res.in),পণ্ডিচেৰী বিশ্ববিদ্যালয় (www.pondiuni.edu.in ) ,জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (http://www.jnu.ac.in/SES) ,স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ (www.spa.ac.in),তামিলনাডু জি ডি কৃষি বিশ্ববিদ্যালয় (www.tnau.ac.in),জন্মু বিশ্ববিদ্যালয় (http://www.jammuuniversity.in) ,মহীশূৰ বিশ্ববিদ্যালয় (www.uni-mysore.ac.in) ,পুণে বিশ্ববিদ্যালয় (http://www.unipune.ac.in),ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in) আৰু বীৰ বাহাদুৰ সিং পূৰ্বাচল বিশ্ববিদ্যালয় (www.vbspu.ac.in) ।


 পৰিৱেশ বিজ্ঞান, পৰিৱেশ অভিযান্ত্রিক আৰু পৰিৱেশ ব্যৱস্থাপনাৰ বিভিন্ন  ডিপ্লমা আৰু ডিগ্রী লাভ কৰা সকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ।


    কেন্দ্রীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰিৱেশ মন্ত্রালয় , কেন্দ্রীয় আৰু ৰাজ্যিক প্রদূষণ নিয়ন্ত্রণ পৰিষদ, বন বিভাগ , কৃষি বিভাগ , তীখা উদ্যোগ , ঔষধ উদ্যোগ , কাগজ উদ্যোগ , চিমেণ্ট উদ্যোগ , বস্ত্র উদ্যোগ , চেনি উদ্যোগ , সাৰ উদ্যোগ , খনিজ উদ্যোগ , নিউক্লিয়াৰ শক্তি উৎপাদন কেন্দ্র আদিত পৰিৱেশ বিজ্ঞানৰ পাৰদৰ্শীসকলে নিযুক্তি লাভ কৰা দেখা যায় । ৰাষ্ট্রসংঘ, বিশ্ববেংক , ৰাষ্ট্রদূত, এছিয়ান ডেভেল’পমেণ্ট বেংক আৰু উচ্চায়ুক্তৰ কাৰ্যালয় আদিতো পৰিৱেশ বিজ্ঞানৰ পাৰদৰ্শীসকলে নিযুক্তি লাভ কৰা দেখা যায় ।পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পৰ্যায়ৰ NGO বোৰেও পৰিৱেশ বিজ্ঞানৰ পাৰদৰ্শীসকলক নিযুক্তি দিয়ে । মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে । পৰিৱেশ সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।


 

 



ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

বি.দ্র. :কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফোন(৯৪৩৫১৮৮৬৩০) কৰিব পাৰে।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages