মিচিং ভাষা-শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

মিচিং ভাষা-শিক্ষা



 মিচিং ভাষা-শিক্ষা

খগেন পেগু


দশম খণ্ড(দ্বিতীয় ভাগ)


     আমি ইমান পৰে মিচিং ভাষাৰ বানান পদ্ধতি সম্পৰ্কত যথেষ্টখিনি আলোচনা আগবঢ়ালোঁ৷ এতিয়া থাকি গ'ল কিছুমান নতুন সংযোজন৷ সেইবোৰ হ'লঃ

      এক, আমি অসম তথা ভাৰতবৰ্ষৰ নাগৰিক৷ সেইমতে এতিয়া আমাৰ মিচিং মানুহৰ নামবোৰ কেৱল মিচিং ভাষাৰ ভিতৰতে আৱদ্ধ হৈ থকা নাই; বৰঞ্চ সেইবোৰ সংস্কৃত, অসমীয়া, ইংৰাজী কৰি সমগ্ৰ বিশ্বলৈ প্ৰসাৰিত হৈছে৷ সেয়ে সংস্কৃত, অসমীয়া, বেংগলী আদিৰ বহুতো নামবাচক বিশেষ্য পদ প,ত,ক আদিৰে অন্ত হ'ব পাৰে৷ এনেবোৰ ক্ষেত্ৰত বানানৰ শৃংখলা ৰক্ষা কৰি 'মিচিং ভাষাৰ বানান পদ্ধতি' কিতাপখনত পিছৰ পিনে ধাতু বা শব্দৰ শেষত b,d,g লিখাৰ পৰিবৰ্তে প,ত,ক(p,t,k) লিখিবলৈ ছুপাৰিছ কৰা হৈছে৷ গতিকে অসমীয়া বা অন্যান্য ভাষাৰ পৰা লোৱা বিভিন্ন নামৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ'ব৷ অৰ্থাৎ এনে নামৰ শেষত b,d,g নিলিখি p,t,k লিখিবলৈ কোৱা হৈছে৷ যেনেঃ


Protap, Prodip, Jusheph, Probhat, Horot বা Sorot, Bhorot, Guluk, Manik, Endru Rodik(কিন্তু ‘Andrew Rodick'), Parbhej Musaroph(কিন্তু "Pervez Musharraf") ইত্যাদি৷

     দুই, সংস্কৃত, বেংগলী, অসমীয়া আদি আৰ্যমূলীয় ভাষাৰ দৰে মিচিং ভাষাতো ঙ আৰু ঞ উচ্চাৰণ উপলব্ধি কৰা যায়৷ তাৰ বাবে ৰোমান লিপিত একক প্ৰতীকৰ অভাৱ দেখা যায়৷ সেয়ে মিচিং ভাষাৰ সংশোধিত ৰোমান লিপিত n,g আৰু n,yৰ যুগ্ম দুটা ধ্বনিপ্ৰতীক ng(ঙ) আৰু ny(ঞ) অন্তৰ্ভূক্ত কৰা হৈছে৷ সেইমতে সেই দুটা ধ্বনিপ্ৰতীক বৰফলাত লিখিলে NG আৰু NY হ'ব৷ তেনেকৈ সৰুফলাত লিখিলে ng আৰু ny হ'ব৷ এতিয়া সম্পূৰ্ণ বৰফলাত শব্দ বা বাক্য লিখিলে সেইবোৰ NG আৰু NY লিখাত একো বিসংগতি দেখা নাযায়৷ যেনে— NGO DOTOBONG আৰু ÉDÉ PÉNNYO; কিন্তু যিহেতু ৰোমান লিপিত n,g আৰু n,y একো একোটা একক ধ্বনিপ্ৰতীক, সেয়ে বৰফলা আৰু সৰুফলাত শব্দ বা বাক্য লিখিলে NG আৰু NY দেখাত বিসংগতিৰ সৃষ্টি কৰিব৷ সেইবোৰ কথা মনত ৰাখি য'ত আখৰৰ Upper-lower বা বৰফলা-সৰুফলা একেলগে থাকিব তাত শব্দ বা বাক্যৰ আৰম্ভনিত NG আৰু  NYক Ng আৰু Ny ৰূপত লিখিব লাগিব৷ যেনে—Ngo apin dotobong/dotobo:(মই ভাত খালোঁ), Ngosan ongngo dopodag(ধোৱা চাঙত শুকোৱা মাছ খাবলৈ ভাল), Ngomug-galiyé asi o:togdokudo aipé dopodag(কুঢ়ি আৰু মৰঠি পানী শুকোৱাৰ সময়ত খাবলৈ বৰ ভাল লাগে) ইত্যাদি৷ 

    তেনেকৈ Ngogyang>Nogyangé po:nyoglokké lendag(আপং চাকোঁতে নগয়াং ওলায়), Nyopsi>Nopsidé tanyoblokké lenné assé(নপচিটো হ'ল তাঞব আচি, অৰ্থাৎ হেঙুনৰ পানী), Nya:nyi>Na:nyik omédé kampodag(মামীৰ ছোৱালীজনী বগা)ইত্যাদি৷

     'মিচিং ভাষা শিক্ষা' শিৰোনামৰ এই লেখাটিৰ আৰম্ভনিত Ng(ঙ) আৰু Ny(ঞ) আখৰৰ বিষয়ে বিস্তৃত আলোচনা আগবঢ়োৱা হৈছে৷ Abíg kangkin, অৰ্থাৎ মিচিং বৰ্ণমালাৰ তালিকাৰ ঠিক পিছতে 'মন কৰিবলগীয়া' বুলি কিছুমান বিশিষ্ট বৰ্ণ সম্পৰ্কত ক'বলৈ গৈ ng(ঙ) আৰু ny(ঞ)ৰ ব্যৱহাৰ আৰু প্ৰয়োগ সম্পৰ্কে বিস্তৃত ব্যাখ্যাৰ অৱতাৰণা কৰা হৈছে৷ পাঠকৰ জনাৰ সুবিধাৰ্থে সেইকথা পুনৰ দোহাৰিলোঁ৷

     প্ৰথম, ng আৰু ny হ'ল মিচিং ভাষাৰ ঙ আৰু ঞ উচ্চাৰণ প্ৰকাশ কৰাৰ দুটা বিশিষ্ট ধ্বনিপ্ৰতীক৷ ইয়াক n(ন) আৰু g(গ) তথা n(ন) আৰু y(য়)ৰ যুগ্ম প্ৰকাশ বুলি ভাবিলে ভুল কৰা হ'ব৷ ঙ উচ্চাৰণ প্ৰকাশৰ বাবে আমি n আৰু g একেলগে লিখিব লাগিব৷ তাৰ বিপৰীতে, ন আৰু গ উচ্চাৰণৰ বাবে n-g এনেকৈ মাজত হাইফেন(-) দি লিখিব লাগিব৷ যথাঃ


Pongab(পঙাব)—পঢ়ি শেষ কৰ্

Pon-gab(পনগাব)—(ঘৰৰ চাঙৰ কামি আদি বেতৰ জৰিৰে) বান্ধি ৰাখ্

Dongab(দঙাব)—খাই শেষ কৰ্

Don-gab(দনগাব)—(বেত, তাঁৰ আদিৰে) বান্ধি ৰাখ্৷ 

      দ্বিতীয়, ঠিক উপৰিউক্ত ধৰণে ঞ উচ্চাৰণ প্ৰকাশৰ বাবে আমি ny—এনেকৈ n আৰু y একেলগে লিখিব লাগিব৷ তাৰ বিপৰীতে, ন আৰু  য় উচ্চাৰণৰ বাবে n-y—এনেকৈ মাজত হাইফেন(-) দি লিখিব লাগিব৷ যথাঃ


Pényo(পৗঞ')—টাৰু; পাগ-মাৰি

Pén-yo(Pényo+é)(পৗন-য়)—টাৰু বা পাগ-মাৰি(হয়)

Tanyob(তাঞব)—হেঙুন

Pen-yob(পেন্ য়ব)—দুটা আঙুলিৰে চেপি ফাল্৷ ইত্যাদি৷


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages