পোহৰৰ বাট দেখুৱা শিক্ষাগুৰুসকল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

পোহৰৰ বাট দেখুৱা শিক্ষাগুৰুসকল



 পোহৰৰ বাট দেখুৱা শিক্ষাগুৰুসকল

নেহেৰু পেগু


The test of a good teacher is not how many questios he can ask his pupils that they will  answer readily , but how many questios he inspires them to ask him which he find it hard to answer.

( এজন শিক্ষকে ছাত্ৰক কিমান প্ৰশ্ন কৰিলে সেয়া ডাঙৰ কথা নহয়, কিন্তু তেওঁ উত্তৰ দিবলৈ টান পোৱা কিমান প্ৰশ্ন ছাত্ৰক কৰিবলৈ প্ৰোৎসাহিত  কৰিব পাৰিলে সেয়াহে ভাল শিক্ষকৰ কুথা)


জীৱনৰ অপৰাহ্ন বেলাত যেতিয়াই এৰি অহা জীৱনৰ পাট  লুটিয়াই চাও তেতিয়াই পিতৃ-মাতৃসকলৰ সমান্তৰালকৈ শিক্ষাগুৰুসকলৰ কথা মনলৈ আহে। একো নজনাকৈ,একো নুবুজাকৈ তেনেই কম বয়সত বাইদেউহঁতৰ লগত পঢ়াশালিত এদিন ভৰি দিছিলোঁ। আৰু এদিন বিজ্ঞানৰ স্নাতক হৈ যেতিয়া মহাবিদ্যালয়ৰ পৰা ওলাই আহিছিলোঁ তেতিয়া পৃথিৱীখন কিছু চিনি পোৱা হৈছিলোঁ। সেইযে এদিন  শিক্ষক আৰু শিক্ষানুষ্ঠানৰ লগত  সংপৃক্ত হৈ পৰিলোঁ, পৃথিৱীৰ বাকী কথা তেনেই গৌণ হৈ পৰিল। ছাত্ৰ জীৱনৰ এই দীঘলীয়া যাত্ৰাত শিক্ষাগুৰুসকল হৈ পৰিল অভিভাৱক,বন্ধু আৰু পথ প্ৰদৰ্শক। কিবা এটা হোৱাৰ বা হব পৰাৰ যি সক্ষমতা আমাৰ জীৱনলৈ শিক্ষাগুৰু সকল আনি দিলে তাৰ বাবে সদায় কৃতজ্ঞ হৈ ৰ'ম।


পাৰাপাৰ নেদেখা  জলধিৰ বুকুত জাহাজ চলে। পাৰ নেদেখাকৈ দিনৰ পিছত দিন ধৰি নাৱিকে গন্তব্য স্থানলৈ জাহাজ আগুৱাই নিয়ে। এয়া কেনেদৰে সম্ভৱ হয় ? সম্ভৱ এই বাবেই হৈ তেওঁলোকে চুম্বকীয় কম্পাচ ব্যৱহাৰ কৰে যি উত্তৰ,দক্ষিণ,পূব ,পশ্চিমৰ সামগ্ৰীক দিশ নাৱিকক জনাই থাকে। শিক্ষক সকল ঠিক

কম্পাচৰ দৰেই যি সকলে ছাত্ৰক এখন অদেখা নতুন পৃথিৱীৰ সৈতে পৰিচয় কৰাই দি এখোজ এখোজকৈ আগঢ়াই নিয়ে। তেওঁলোকে পুথিগত জ্ঞানৰ লগত জীয়াই থকাৰ পথো মসৃণ কৰে।তেওঁলোক ৰ দায়িত্ব সেয়েহে আন চাকৰিয়ালতকৈ বহু বেছি। তেওঁলোক হ'ল লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ভেটি গঢ়োঁতা। এই ছাত্ৰসকলৰ মাজৰ পৰাই  এদিন গৱেষক, প্ৰশাসনিক বিষয়া, বিজ্ঞানী, শিক্ষক,পুলিচ, সৈনিক,  ৰাজনৈতিক নেতা  সমাজকৰ্মী ওলাব আৰু তেওঁলোকৰ ওপৰতেই দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰিব ।গতিকে  দেশৰ সুনাগৰিক আৰু ভৱিষ্যত নিৰ্মাণত শিক্ষকৰ দায়িত্ব অপৰিসীম।


এয়াও ঠিক সকলো শিক্ষক, শিক্ষক হিচাপে উপযুক্ত নহয়। কিছুমান শিক্ষকে অকল মজুৰী নিবৰ বাবেই শিক্ষকতা কৰে। এতিয়াও আমাৰ মনত আছে কিছুমান শিক্ষকে শ্ৰেণী কোঠাত সোমাই ছাত্ৰক কিতাপখন ইজনৰ পিচত সিজনকৈ পঢ়িব দি, সময়খিনি  হামিয়াই সিকটিয়াই কটাই পাৰ কৰিছিল। আমি তেওঁলোকক "পাল মৰা শিক্ষক" বুলি নাম দিছিলোঁ।কিছুমান শিক্ষকে প্ৰশ্ন কৰিলে উত্তৰ দিবলৈ টান পায়; ওলোটাই খং কৰে। আচলতে তেওঁলোকৰ বিষয়টোৰ ওপৰত জ্ঞান কম বা বিষয়টো পঢ়ি নাহে। সেয়ে এৰাই চলিব বিচাৰে। অকল শ্ৰেণীৰ পুথিখনেই নহয়; শিক্ষক সকলে বাতৰি,সমসাময়িক আলোচনী ,কিতাপ আদি পঢ়ি নিজকে আপডেট কৰি ৰাখিব লাগে। আগৰচাম শিক্ষকসকলৰ মাজত এনেকুৱা বহু শিক্ষক আছিল যি সকলে বাতৰি বা আলোচনী চাকৰি জীৱনত কিনিয়ে নাপালে। এইক্ষেত্ৰত তেওঁ ছাত্ৰক কেনে মানদণ্ডৰ শিক্ষা দিব ই সহজে অনুমেয়। শিক্ষক সকল মৌৰ দৰে ; যি বিভিন্ন উৎসৰ পৰা জ্ঞান আহৰণ কৰি ছাত্ৰক সুমিষ্ট ৰস  পান কৰাই।


আমাৰ সৌভাগ্য আছিল যে আমি প্ৰাথমিক বিদ্যালয়ত নৰ্মাল প্ৰশিক্ষণ প্ৰাপ্ত প্ৰয়াত ভূগোল টায়ে ছাৰক আৰু এম.ভি. স্কুলত  প্ৰয়াত বিমল চুতীয়া ছাৰক প্ৰধান শিক্ষক হিচাপে পাইছিলোঁ।প্ৰয়াত ভূগোল টায়ে ছাৰক তেওঁৰ কীৰ্তিমান অৰিহণাৰ বাবে ৰাষ্ট্ৰপতি  পদক দিয়া হৈছিল। তেওঁৰ বিদ্যালয়ৰ পৰা বৃত্তি পোৱাতো এসময়ত  একপ্ৰকাৰ নি‍য়মত পৰিণত হৈছিল। হাইস্কুলত প্ৰয়াত ভুৱন বৰদলৈ ছাৰক প্ৰধান শিক্ষকৰূপে পাইছিলোঁ। তেওঁলোকৰ শিক্ষণ পদ্ধতিয়ে বেলেগ আছিল। ছাত্ৰৰ বুকুৰ ভিতৰলৈ তেওঁলোক যেনদৰে সোমাই যাব পাৰিছিল তেনেকৈ ছাত্ৰই ভয়ো কৰিছিল ভীষণ। কলেজলৈ আহোঁতে জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী প্ৰয়াত ডিম্বেশ্বৰ চলিহা দেৱৰ নাম ল'বই লাগিব; যিসকলৰ পাঠদান হোৱাৰ পিছত কিতাপ পঢ়াৰ আৱশ্যক নপৰিছিল। ইমানেই  নিখূট আৰু প্ৰাঞ্জল আছিল তেওঁলোকৰ পাঠদান। শিক্ষক বুলি এই সকলৰ ছবি থিতাতে মনলৈ আহে কাৰণে উল্লেখ কৰিলোঁ। 


আমাৰো শিক্ষক হোৱাৰ বাসনা এসময়ত জাগিছিল। স্থানীয় এখন হাইস্কুলৰ শিক্ষকৰ  ইন্টাৰভিউত বহি প্ৰাৰ্থীসকলৰ মাজত সৰ্বোচ্চ নম্বৰ পোৱাৰ পিছতো স্বাৰ্থজড়িত মহলৰ হস্তক্ষেপত চাকৰিতো হৈ নুঠিল।  সেই হাইস্কুলখনত এদিন মাত্ৰ বিজ্ঞানৰ ক্লাচ কৰিছিলোঁ আৰু সেই মাদকতা আৰু পবিত্ৰতাৰ সুবাস এতিয়াও মনত লৈ আছো।বহুতে মই নজনাকৈ ৰাস্তাত লগ পালে 'ছাৰ' বুলি মাতে যিসকলক ব্যক্তিগত ভাবে চিনি পোৱাৰ সুযোগেই নাপালোঁ। যিয়েই নহওঁক ভাগ্যৰ চকৰিয়ে অন্যফালে টানি নি কৰ বিষয়া হিচাপে মাতৃভূমিক সেৱা কৰাৰ অনন্য সুযোগ দিলে।


শেষত আকৌ কওঁ


A good teacher is like a candle - it consumes itself to light the way of others.

                                      -Mustak kemal Ataturk


শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত সকলো শিক্ষাগুৰুলৈ প্ৰণাম জনাইছোঁ।

 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages