নীলা খামৰ চিঠি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

নীলা খামৰ চিঠি



 নীলা খামৰ চিঠি

কাৰ্চাং তাকাৰ পেগু


এতিয়া দুৰ তোমাৰ মোৰে আকাশ-পাতাল


প্ৰেয়সী,

      কাহানিবা ভৱা নাছিলো,জীৱনৰ এই সূখ ক্ষন্তেখীয়া হ'ব বুলি। মই জানো সাগৰৰ পৃষ্ঠখন যিমান গভীৰতাত হয়তো মোতকৈয়ো বেছি মৰম দিব পৰা তুমি বিচাৰি পাইছা এইভাৱেইটো সাগৰক নদী কৰা কহিনুৰ কাষত পাইয়ো বিচাৰিব জানিছা এটি নতুন পৃথিৱী।প্ৰেম ভালপোৱা তোমাক চাইয়েই শিকিছো ,তোক লগ পাইয়েইটো ভাল পাইছো, এতিয়া তোমাৰ মোৰে দূৰত্ব আকাশ -পাতাল ,কিন্তু মোৰ এই মৰম তোমাৰ প্ৰতি ক্ষুভ আজিয়ো আছে । মানিছো,মই ক্ষুদ্ৰ তুমি বৃহস্পতি সৌৰজগতৰ সবাতোকৈ ডাঙৰ গ্ৰহৰ দৰে কেতিয়াবা তুমি জুমি জুমি চোৱা জানো মোৰ দৰে ? মই আজিয়ো চাওঁ ৰাতিৰ আকাশতে অজানিবা তোমাৰ সুৱগা  মুখখনিক চায় ৰাতি শুৱকে পাৰোৱেই বা বুলি । ক'তা তোমাৰ,একো কানসাৰেই নাই? কিয় কৰা তেনেকৈ । কাৰমুখলৈ চায় তোমাৰ পুতেৰাক ক'ম তোমাৰ মা'ক স্বৰ্গৰ নিবাসী ,তোমাৰ মা'ৰাই এতিয়া আকাশৰ পৰা চাব "ল'ৰাই স্কুললৈ গৈছেনে নাই" তাকো কবলৈ অমান্তি তোমাৰ ,ধেমালীতে ল'ৰাক কলোৱেই যেনিবা সৌৱা তৰাটিক দেখিছা সেইয়াই তোমাৰ মা,এই বুলি কোৱা কথাখিনি শুনিয়োটো দূৰৈৰ জকমকাবটো পাৰা,কিহৰ অভিমান ? অভিমানৰ সাগৰত কিয় ভুৰাইছা ?  তুমি জানাই দেখোন আমি অকলশৰীয়া এতিয়া নিসংগ প্ৰাণী এইভাৱেইতো অমাৱশ্যা আকাশতো তোক বিচাৰি ফুৰো আৰু তুমি নুবুজা ?তোমাৰ প্ৰিয় খাদ্য পুৰাং আপিনো ছাগিছিলো দদ্গাঙত ,তুমি ভালপোৱা পানীয় পৰঃ আপঙো ।কেতিয়াবা খঙতে পুতেৰাক মাৰিলোৱেই যেনিবা ,পিতেৰাই এচাৰি দিয়াত তোৰ শ্মশানত ভাগৰি তোৰ মৰম বিচাৰি কন্দাৰ পিছতো কিয় নকৰা মৰম ,মৰম কৰিব নোৱাৰিলেওঁতো তোৰ দুহাতৰ বিচনিৰেই বিচিবটো পাৰা পুতেৰাক জুইয়ে পোৰা ঠিকাত । ইমান কিহৰ   অভিমান ? অভিমান বোৰ এৰি অকনমান কাণসাৰ আমাৰ পালেওঁ দিবাছোন ? প্ৰিয়॥

                            ইতি

                         তোমাৰ নিয়ৰ


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages