ন-ন জীৱন সংগ্ৰাম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ন-ন জীৱন সংগ্ৰাম




 ন-ন জীৱন সংগ্ৰাম

গৌতম মালাকাৰ

কৰিমগঞ্জ


বাৰে বাৰে কোনে বোৱাইছে 

বুকু জ্বলোৱা এই অগ্নি জল ?

এয়াচোন ৰুদ্ৰ ৰূপী ঢল,

ধৰাৰ বুকু কৰে আজি টলমল টলমল...।

কাৰ ৰোষত আজি সকলো উঁটিছে,

কাৰ দোষত কান্দোনৰ ৰোল উঠিছে?

আৰু কিমান অশ্ৰু পি খালে তৃপ্ত হ'ব

দুৰ্নিবাৰ বানৰ ৰাক্ষসী তৃষ্ণা,

আৰু কিমান চিতা জ্বলিলে পূৰ্ণ হ'ব

প্ৰকৃতিৰ লেলিহান ক্ষুধা?

কোন দেৱ-দেৱীৰ পূজাত আহুতি দি

শান্ত কৰিব পৰা যাব এই ৰুষ্ট পৃথিৱীক?

হে বিশাল আকাশ, 

কাৰ দয়া-দৃষ্টিয়ে আনিব

নিৰ্মালিৰ পুষ্প-প্লাৱন ??


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages