বিদূৰৰ খুদকণ
অৰ্চনা ঠাকুৰীয়া
হাইঠা চৰাইয়ে দিয়া অভিজাত উপহাৰ
অবিনাশী হাঁহিটিয়ে ওভতাই দিয়ে
কয়,বিদূৰৰ খুদকণেই হেনো গ্ৰহনীয়
এদিন ৰ'দ- হালধীয়া চুৰিয়াখন পিন্ধি কানাইধন
মোৰ পদূলিৰে গৈছিল
দেখিছিলোঁ
জাৰুৱাজানৰ পাৰত মীৰাৰ ঔফুলীয়া হাঁহি
ভাতৰ বুৰবুৰণিত ডুব যোৱা কবিতাৰ কোঁহটো
হেতা খনেৰে উঠাই ললোঁ
চেঁচা হোৱাত তাক সুৰেৰে সজালোঁ
আৰু মোৰ কানাইধনে সেই সুৰটোকে
...বাঁহীটিত পঞ্চম স্বৰত তুলিলে
কদম ফুলা এটি আবেলিলৈ
কিমান যুগৰ যে অপেক্ষা...
কাৰ বাবে বাট চাওঁ
যাক কেতিয়াও নাপাওঁ
অথচ পানীপতাত থৰ হৈ ৰোৱা পানীখিনিতো
জোন যেন মুখনি দেখোঁ তেওঁৰেই...
সন্ধিয়া টুলুং ভুটুংকৈ অহা নাওঁখনৰ নাবিকজন
চাকিগছি
আৰু মই
একেটাই…


No comments:
Post a Comment