শিক্ষাগুৰুলৈ সেৱা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

শিক্ষাগুৰুলৈ সেৱা

 



শিক্ষাগুৰু'লৈ সেৱা

চিন্ময় ডেকা

জলাহ টংলা, ওদালগুৰি


জীৱশ্ৰেষ্ঠ মানৱৰ 

একোটি পূণাংৰ্গ জীৱনৰ

জ্ঞানৰ পোহৰ, শিক্ষাৰ আদিপাঠ

নমস্য ব্যক্তিসত্তাৰ,

তুমিয়েই টো পথপ্রদর্শক হোৱা।

আমাৰ অতিকৈ শ্ৰদ্ধাৰ

সহস্ৰ জন শিক্ষাগুৰু'লৈ নিবেদিলোঁ সেৱা।

ভয়-শংকাৰ নাই কোনো ঠিকনা 

গুৰু ভক্তিৰ অপাৰ মহিমা 

শিষ্যত্বৰ গুণ-গৰিমা,

প্ৰতিফলিত হয়, জীনৱৰ আদিপাঠ

আমাৰ শিক্ষাগুৰু..........

জ্ঞানৰ জেউতি বিলাই,

চৌপাশৰ সমন্বয়ৰ সেঁতু বান্ধি

আমাক দিলা জগত পোহৰাই।

জীৱন দৰ্শন, মস্তিষ্কৰ বিকাশ

আধ্যাত্মিক ধ্যান-ধাৰণাৰ অন্ত:জগত

বিস্তীৰ্ণ সময়ত,

হাতে-হাত ধৰি দিছিলে আখৰ শিকাই।

কেনেকৈনো পাহৰণিত গৰ্ভপাত কৰোঁ

প্ৰিয় শিক্ষাগুৰু........

মোৰ জীৱনৰে গুৰু;

শিক্ষক দিৱস প্ৰাগক্ষণত জনালোঁ সহস্ৰ জন'লৈ

অলেখ হিয়াভৰা আন্তৰিকতা.......

জীৱন বাটতত ভুলবোৰ শুধৰাই দিব, ধৰিছোঁ মোৰ সেৱা।





দূৰভাষঃ ৬০০২৬৬৬৫৯৩



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages