জুৱা
যতীন মিলি
বাৱন্নটা পাতৰ তেৱন্নটা খেল
তাৰে জীৱনটো দেউলীয়া কৰিবলৈ
যথেষ্ট
বহুখেলৰ এখেল
জুৱা-
এজাৰ ফুলা নিশাৰ ফুলা-নুফুলা গান
লোভৰ বৰশীত উঠা-নমা কৰা
চাৰিৰঙী সপোনৰ বান
প্ৰেমৰ দৰেই লাগে তাৰ অপূৰ্ব নিচা
নিচাৰ সমান্তৰালকৈ বাঢ়ে
তাৰ লোতকৰ ধাৰ বোজা বোজাকৈ
চক্ৰবৃদ্ধি সুতত...
তিনপট্টিত টেক্কা ত্ৰিশূলৰ হাতত
যেতিয়া ধৰাশায়ী হয় তিনিজনী মেম
তেতিয়া বিষাদৰ কজলা ডাৱৰে আৱৰে
দেউলীয়াজনৰ মনাকাশ ।
নিশাতে নিমাওমাও হৈ পৰে-
এটা পৰিয়াল, এখন ঘৰ আৰু এখন সমাজ…


No comments:
Post a Comment