নাৰী বিষয়ক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

নাৰী বিষয়ক

 



নাৰী বিষয়ক

গায়ত্ৰী দেৱী বৰঠাকুৰ

তেজপুৰ, শোণিতপুৰ


এন্টাৰ্কটিকাত বৰফ গলিছে 


 উত্তৰৰ গেলিণ্ডেজ দ্বীপ ছানি  ধৰিছে ৰঙা আৰু গুলপীয়া বৰফে


 বৰফাবৃত্ত পৃথিৱীৰ  

প্ৰতিটো    পাহাৰৰ 

প্ৰতিটো  পৰ্বতৰ 

বুকুত খোদিত হৈ থাকে     

ক্লেমাইডোমানাছ নিভালিছৰ স্বাভাৱিক  উপস্থিতিৰ 

  অস্বাভাৱিক  পৰিণাম  


কেৰ'টিনইড

সূৰ্যৰ  তাপ শোহিও 

যুঁজা 


বিপক্ষত 

 অতি বেঙুনীয়া ৰশ্মি  


বৰফৰ উষ্ণতা বাঢ়ে 


শেলুৱৈৰ ৰক্তবীজ আবাদী


 এতিয়া    সূৰ্য হেনো  জ্বলিছে

 পঞ্চাশ ডিগ্ৰী চেলচিয়াছৰ

 আশে - পাশে...


 -------------------------------------

 (ক্লেমাইডোমানাছ নিভালিছ  এবিধ  শেলুৱৈ।

 কেৰ'টিনইড  এবিধ  ৰঙা ৰঞ্জক পদাৰ্থ। )




 

ফোনঃ 8822943064


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages