আওপুৰণি
স্বপ্নালী কলিতা
গোলাঘাট
আগতে মই য'লৈকে গৈছিলোঁ
মুখখন লগত লৈ ফুৰিছিলোঁ
সিদিনা ভাল চাই মিস্ত্ৰী এজন মাতিলোঁ
এটা ভাল কাঠৰ বাকচ সজালোঁ
আৰু মুখখন খুলি আনি তলা মাৰি
বাকচটোত ভৰাই থ'লোঁ।
আগৰ দৰে লগত লৈ নুফুৰোঁ!
আটোলটোলকৈ লৈ ফুৰাৰ সময়বোৰত
ডাক্তৰৰ চেম্বাৰত নাম লিখাওতে
শ্বপিং ম'লত লইন পাতোতে
বেংকৰ পৰা টকা উলিৱাওতে
অথবা কাৰ্য্যালয়বোৰৰ
কাগজবোৰ তল ওপৰ কৰোতে...
গুণনাইকিয়া মুখখন সন্ত্ৰস্ত হৈ পৰে
আৰু দ্বিতীয়বাৰৰ বাবে মোৰ ঠাই কমি আহে
চকুযোৰৰ কথানো কি ক'ম
দুনিয়াখনৰ হিচাপবোৰৰ যোগ-বিয়োগ কৰি
মুখৰ জপনা খুলি দিয়ে
আৰু আৰামত চকু মুদি বহি থাকে।
মোৰ অৱস্থাটো বেচ্কৈ উপভোগ কৰে।
চহৰৰ গলিবোৰেদি যোৱা লেক্লৌ পৰুৱাবোৰ
গাঁৱৰ নামঘৰৰ সভাখনৰ সিদ্ধান্তটো
চোতালত ওখকৈ গজি উঠা বননিডৰা
ঘৰৰ ভিতৰত দুৱাৰৰ ঠাইত ঠিয় হোৱা ইটাকেইটা...
এই সকলোখিনি দেখি মুখখনে
কৰা অতপালিৰ বাবেই
মোৰ ভৰিদুখন পংগু হ'ল
হাত দুখন হ'ল অকামিলা
আৰু শৰীৰটো হ'ল এটা ৰবট
(ছুইচ্ দিয়াটো আনৰ কাম)
এতিয়া মোৰ বোধ হ'ল--
মই সঠিক কাম এটা কৰিলোঁ
মুখখন লৈ ফুৰাটোও এটা
আওপুৰণি অভ্যাস


No comments:
Post a Comment