ওলোমা দিনৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ওলোমা দিনৰ কবিতা




 ওলোমা দিনৰ কবিতা

গুনোজীৎ দাস



(পিংকুজিৎ দাসৰ হাতত) 

 

ওলোমা দিনৰ ওপঙা সাধু এটা লৈ উভতিছোঁ 

তেওঁৰ পৰা 


পাতপোকে ফুটা কৰা পাতল পাতৰ 

দেউলিয়া অভ্যন্তৰীণ 

চোতালৰ ছাঁটোৰ ৰখীয়া কৰি 

ওলোমি আছে ওপঙা সাধুৰ সঁচ 


ঘূৰ্ণনে টনকিয়াল কৰা ৰঙৰ হাতঘড়ী 

ঘুৰি-ঘুৰি

ওলোমা ফলণত পিচলি সৰি পৰিছে

ৰাতিৰ সন্ধিপদী 


লাওখোলাত বাগৰি অহা সাধুটোৰ

মন্থৰ  ঘূৰ্ণনত 

পৌৰানিক শিলকথাৰ হেজাৰটা পলৰীয়া 

সূৰ্য্যই ৰখি আছে ৰাতিৰ ছাঁ 


অভ্যন্তৰীণত ভোকৰ বেলিটোৱে বাঢ়ি দিয়া

জুইকুৰাত 

ওপঙি উঠিছে জুইশাল 


সাধুটোৰ শেষত 

ছাঁ হেৰুৱাই গছবোৰে হাততে পালে 

জিভা কটা এটা সূৰ্য্য





দূৰভাষঃ ৭৮৯৬৭৪৮৯৮৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages