তুমি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

তুমি

 



তুমি

লহৰজ্যোতি মৰাণ

কাকপথাৰ


তুমি আজি অচিনাকি

কোনে জানে কাইলৈ 

কেতিয়াবা অজানিতে

চকুৱে চকুৱে থৈ 

দিবাহি মৃদুৰ টোকৰ

টক্ টক্ কৈ। 

সেই ক'ৰাবত যেন 

মই দেখা পাম

হয়তো, 

তোমাক তুমি নজনাকৈ

তোমাৰ লাহি-পাহি চকুজুৰি

মুখৰ কমলা হাঁহিটিয়ে

মোক বৰকৈ আমনি কৰিব ধৰিছে। 

কিয় জানো তোমাৰ 

হৃদয়ৰ লগত যেন 

মোৰ হৃদয় গোপনে গোপনে 

মিলন হ'ব বিচাৰিছে। 

এনেকৈয়ে হয় চাগে ভালপোৱা

এনেকৈয়ে হয় চাগে প্ৰেম 

এনেকৈয়ে হয় চাগে মিলন।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages