তুমি
লহৰজ্যোতি মৰাণ
কাকপথাৰ
তুমি আজি অচিনাকি
কোনে জানে কাইলৈ
কেতিয়াবা অজানিতে
চকুৱে চকুৱে থৈ
দিবাহি মৃদুৰ টোকৰ
টক্ টক্ কৈ।
সেই ক'ৰাবত যেন
মই দেখা পাম
হয়তো,
তোমাক তুমি নজনাকৈ
তোমাৰ লাহি-পাহি চকুজুৰি
মুখৰ কমলা হাঁহিটিয়ে
মোক বৰকৈ আমনি কৰিব ধৰিছে।
কিয় জানো তোমাৰ
হৃদয়ৰ লগত যেন
মোৰ হৃদয় গোপনে গোপনে
মিলন হ'ব বিচাৰিছে।
এনেকৈয়ে হয় চাগে ভালপোৱা
এনেকৈয়ে হয় চাগে প্ৰেম
এনেকৈয়ে হয় চাগে মিলন।


No comments:
Post a Comment