বাঘৰ পোৱালিবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

বাঘৰ পোৱালিবোৰ

 



বাঘৰ পোৱালিবোৰ

ইলামণি শইকীয়া

   

ইমান পোহৰ...

চকু চাট মাৰি যোৱা

অতিমাত্ৰাই চুই যোৱা সময়ে

তেওঁক গেলা নৰ্দমাটোলৈ গতিয়াই দিলে

গেলা-ক’লা-আন্ধাৰৰ সমাৰ্থক

পোহৰৰ বৈৰী৷

ক’লাবোৰে পুতি পেলালে

মানুহজনৰ পোহৰ খটোৱা চকুহাল


পোহৰ নেদেখা বাদুলীৰ জাক জাক

আগ চোতাল পিছ চোতাল


হাবিলৈ ওলাই যোৱা বাঘৰ পোৱালিবোৰ এতিয়া পূৰঠ হৈছে 

ৰ’দঘাই পৃথিৱী সম্ভৱতঃ সমাগত


আন্ধাৰত জোঙা শিলে বিন্ধিলে 

তেজেই নোলায়

বাক-সংহতিত সিদ্ধহস্ত ছাঁ-পোহৰৰ নায়ক

জোঙা শিলে বিন্ধে যাক সি--জীৱন

জোঙা শিলে বিন্ধে তাক-শিকলিৰে বান্ধিব নোৱাৰি যাক৷


বাট-ঘাট দিহিঙ দিপাঙ

বাৰে বৰণীয়া জোঙা শিল

তেজ ওলোৱা ভাল 

ঘাঁবোৰে শুবলৈ নিদিলে 

তেজাল তেলাল হাঁহৰ গড়ালতে হাত৷




ফোনঃ ৮০১১৯৫৮৩১১



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages