পোহৰ
দীপিকা ফুকন
এজাক ধুমুহা আহিছিল
এতিয়া শেষ হ'ল
আকাশ চোৱাৰ হেঁপাহ
ধুমুহাত কেনিবাদি উৰি গ'ল
বিজুলীৰ নাচোনত ভাগিল সপোন
গভীৰ নীলাই আচ্ছাদিলে
দুচকুৰ জ্যোতি
ক'ত আছে পোহৰ
যি পোহৰত দেখা পাম
বিন্দুৰ পৰা সিন্ধুলৈ লালিত
ৰাতিবোৰৰ সংকেত
দেখা পাম ৰাতিৰ শেষত
মোৰ সতে ওমলিব বিচৰা
কঁপনিত থৰকাচুতি হেৰোৱা
এটি নৱ প্ৰস্ফুটিত স্থিৰ শিখা
যি শিখাই দিব মাথো
অসীম পোহৰ
মাথো পোহৰ ।।


No comments:
Post a Comment