ৰ্নাছ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ৰ্নাছ

 



ৰ্নাছ

জোনালী দাস

বৰুৱাচাৰিআলি, যোৰহাট


মই সুভাগ্য জিলিকি থকা বগা পোছাক যোৰ...

মোৰ চিনাকি সাহক,প্ৰেৰণা, মৰম, সন্মান।


নাছিং সেৱা কৰি ভালপোৱা মই জনী

সদায় নতুন নতুন মানুহ অৰ্থাৎ ৰোগী লগ পাওঁ।


আৰু তাৰ মাজত বহু আইতা,ককা,দাদা,ভাইটি, দেউতা, মা ইত্যাদি....

সকলোবোৰ যেন ৰোগী নহয় আমাৰে পৰিয়াল ।


বিভিন্ন ধৰণৰ লোক অহা-যোৱা কিন্তু কিছুমান মৌ দৰে মিঠা আৰু কিছুমান কেৰেলা দৰে তিতি...

অ..আকৌ কিছুমান জুকৰ দৰে আঠা।


কি কম সময়ৰ লগত মিলি দাঁত দেখুৱাই ওঁঠ কামোৰি দিওঁ হাঁহি...

দুখ-কষ্ট, ভাগৰুৱা মন দিওঁ পাহৰি।


ঘড়ী কাটা দৰে হৈছে নিঠৰুৱা দেহা

নিজকে পাহৰি....

ৰাইজৰ সেৱাৰ বাবে প্ৰাণ দিও আহুতি।


দায়িত্ব গধুৰ ৰোগীক সু-স্বাস্থ্য ৰখাটো আমাৰ কত্যৱ.....

ৰোগীৰ সমস্যা ....

সহজ কথাবোৰ বুজাওঁতে বুজাওঁতে নিজে ভাগৰি পৰোঁ জটিল হৈ পৰে সময়।


কথাবোৰ কবলৈ সহজ এগৰাকী ৰ্নাছ....

টুকুৰা-টুকুৰ হৃদয়ৰ পৃষ্ঠা বুজিবলৈ কঠিন।


সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ বগা পোছাক যোৰ লৈ...

শৰীৰত দিয়া লগে লগে এনেকুৱা লাগে যেন ঈশ্বৰৰ অৱতাৰ ৰ্নাছ।


উকা ৰেখাৰে হেপাঁহ আঁকি ৰামধেনুৰ ৰঙেৰে সৰাপাত উশাহ দিওঁ তুলি।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages