এচেকুঁৰা তেজ
দেৱজিৎ কোঁৱৰ
শিৱসাগৰ
বিশাল আকাশৰ দৰে সৌ সুদূৰ পৰা
আইনাৰ দৰে বেলিটোৱে ৰ লাগি চাই !
আইৰ নাভি মূল ছিগি
চৌদিশে আছে সুগন্ধি বিয়পি ।
মই উভতি চাওঁ অতীতলৈ,
আইৰ জাগ্ৰত উশাহত
সুন্দৰী ঊষাৰ ৰক্তিম আভা ।
মোৰ হৃদপিণ্ডৰ স্পন্দনত
তচ্নচ্ কৰি বিচাৰোঁ জীৱনৰ শিপা...
মইনো কোন ?
আইয়ে কয়,
"কলিজাৰ আবিৰ ফালি কুঁহি মেলা,
গাঁৰি দিয়া ৰিহাই
দুহাতেৰে কোমলকৈ মেৰাই লোৱা
মোৰ তেজৰ চেকুঁৰা ।"
আইৰ আঁচলৰ ধন, চকুৰ মণি !
মোৰ শোণিতৰ সুবাস বিয়পি
ফুলিব আশাৰ পাপৰি,
যেন জাক জাক উৰা জোনাকি
আৰু তৰা ফুলা পূৰ্ণিমা নিশাটি ।


No comments:
Post a Comment