বিহ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

বিহ

 



বিহ

অংকুৰিতা ফুকন


এদিন চাদৰৰ গাঁঠিত বান্ধি লৈছিলোঁ 

এটোপোলা বিহ

আয়ে বাৰে বাৰে সকিয়াইছিল

গাঁঠি খুলিলেই মৃত্যু নিশ্চিত


মোৰ কুমলীয়া মনৰ চুকত 

জুপুকা মাৰি সোমাই থকা

ভয়টোৱে পোহৰ দেখিছিল সেইদিনা


আৰম্ভ হৈছিল  ভয়টোক

লালন কৰাৰ প্ৰক্ৰম…


আজি কঁকালৰ মেটমৰা বোজাৰ মাজৰ পৰা বিহ টোপোলা 

বান্ধি দিছোঁ জীয়াৰীৰ ৰুমালৰ আগত…


আইৰ দৰে সকিয়নী নিদিওঁ

কাৰণ ভয়টোৱে সাৰ পালে

তায়ো ওপঙি ৰ'ব মোৰ দৰে বায়ুশূন্যতাত…


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages