ৰং ফুল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ৰং ফুল




 ৰং ফুল 

ৰিপুঞ্জয় বৰুৱা ঋমন



অ' ৰং ফুল,


ফুলি উঠিছা মোৰ বুকুৰ শেলুৱৈ পৰা পুৰণি ঘা টুকুৰাত, আবেলি আবেলি ।


তুমি ফুলিলে ডুব যায় বেলি 


চোৱানা, 

তোমাক চুবৰ হেঁপাহত তৰাবোৰ বৰষুণ হৈ খহিছে 


দিনবোৰ নতুন নতুন লাগিছে 

বালিমাহী চৰায়ে গান গাইছে ।


মোৰ হাতখনে তোমাক বিচাৰিছে 

হাতৰ টিপনিত বনৰীয়া কল্পনা !


যোৱা নিশা ৰেৱতী চাট হাউচৰ কেণ্ডেল লাইট ডেটিঙত;

আন্ধাৰ বাঢ়ি চকুত হাইলাইট হওঁতে,


মৌনতাত বৰকৈ বাঢ়িছিল কাতৰ উত্তাপ ।


প্ৰিয় গৌৰী, 

তোমাৰ প্ৰেমত পৰি ৰাতি ৰাতি সুহুৰিয়াই থাকোঁতে 

কলিজাত বাজে তুমি পিন্ধা খাৰুৰ গীতিময় হাৰমনিয়াম ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages