নিলাজী বন
লক্ষী প্ৰসাদ ৰেগন
এই যে নিলাজী বন। কাৰোবাৰ অপেক্ষাত থাকে পৰি
অকণ মোক চুই দিয়া
মই তোমাক যাদু দেখুৱাম
আৰু আমি
চুই চাওঁ বিনা সংকোচে। বাঃ কি চমৎকাৰ
মোৰ উদাস বুকুতো
লতা বগাইছিল ঠাল ঠেঙুলিবোৰ আছিল কোমল
টোপনিত বুৰ গৈছিলোঁ। আশাতীত ভাবে
এয়া আন কোনো নাছিল
আয়ে লতা হৈ বগাইছিল
আজি গৌৰাবান্বিত মই। মোৰো এগৰাকী আই আছিল
বাৰে বাৰে মোক
নিলাজী বনৰ দৰে চুই চাইছিল


No comments:
Post a Comment