কণী
প্ৰাঞ্জল শৰ্মা
ৰঙিয়া
ভাঙি পৰি থকা কণীটো পাৰহৈ যাওঁতে
মানুহবোৰে বিভিন্ন কথা কোৱাকুই কৰিছিল
উৎসুক দুই-এজনে
কণীটো মূৰ্গীৰ নে হাঁহৰ
জুমি জুমি চাইছিল
সিজোৱা বা ভজা কণী এটাৰ ছবি একোখন
মানুহবোৰৰ মনত দৃশ্যমান হৈছিল
হালধীয়া কুহুমটোৱে
এসাজ তৃপ্তি আঁকি দিছিল
এই এক লহমাৰ ছবিখনে
মানুহবোৰৰ দৈনন্দিনতাত তিলমানো
ব্যাঘাত জন্মোৱা নাছিল
জন্মাব লগীয়া তেনে একো কথাও নাছিল
কাৰণ মানুহবোৰৰ চকুত পৰা নাছিল
ওপৰৰ গছৰ ডালটোত বহি থকা চৰাইজনী
কাণত পৰা নাছিল কোলাহলত হেৰাই যোৱা
তাইৰ কাতৰ কাতৰ মাত
তাইৰ চকুৱে পুৰিব পৰা নাছিল
মানুহবোৰৰ বুকু
সকলোৰে চকুত হালধীয়া হৈ অঁকা আছিল
এটা মৃত কণী ৷
ফোনঃ ৯১০১২১৫০৬১


No comments:
Post a Comment