নাৰী
বন্দনা কৌশিক বৰদলৈ
শিৱসাগৰ
এগৰাকী নাৰীক এখন দেশৰ সৈতে ৰিজালে আমি বুজিব লাগিব
দেশ মানে চোবাই খাব পৰা উপাদেয় খাদ্যৰ টোপোলা
এগৰাকী নাৰীক আকাশ বুলি ক'লে আমি বুজিব লাগিব
আকাশ মানে ৰুটিৰ সমান বৃত্ত একোটা
এগৰাকী নাৰীক নদী বুলি ধৰিলে আমি বুজিব লাগিব
নদী মানে অস্তিত্বৰ সংকটত ভোগা কৰুণ বিননি এটা
এগৰাকী নাৰীক গছ বুলিলে আমি বুজিব লাগিব
থাপি- থুপি ৰখা বনচাই এজোপা
এগৰাকী নাৰীক "নাৰী"কৰি ৰাখিলেও আমি বুজিব লাগিব
সমানতাৰ বাবে অতিক্ৰম কৰিবলগীয়া দীঘলীয়া বাট এটাৰ কথা
এগৰাকী নাৰীক শিপা বুলি কওঁতে আমি মানি ল'ব লাগিব
হাজাৰ ধুমুহাৰ পিছতো মাটি খামুচি থকা এক গভীৰ দৃঢ়তা।


No comments:
Post a Comment