সেন্দূৰ
হিতেশ মেধি
সেওতাৰে বৈ যায়
দগমগ জীয়া ৰ'দ এসোঁতা
পিৰালিত ওকণীৰ মেল
পৈ এৰা পৈ ধৰা
কাম জুই ক'ত সৰে
কোন বাটে মহাদেৱ ঘূৰে
চোতালৰ চুকত তুলসীৰ বুলনি
সেন্দূৰ পিন্ধি পুঠীৰ পাকঘূৰণি
বৈধ অবৈধৰ মহাৰণ
সীতাৰ শিৰত ওলমে এটা পকাবেলি
শিলবুকু চুই বাগৰে পানীধাৰ
সুখৰ সংজ্ঞা একুৰি
দুখত লুতুৰি-পুতুৰি
কাৰ ৰং চাই উৰে বালিমাহী
ন পোঁখাত ন জীৱন
নাওঁ ভাঙে
ডিঙৰা ডুবে
হাতত হাত নগজিল
দেহত উতলে উশাহ
ৰঙা ৰঙা
তেজ হৈ বৈ যায়
জীউৰ মুখে পানী যায়
জীৱন অ' মন ভাই
পালতৰা কোন দিশে যায়
ৰঙা বেলিয়ে কাৰ সেওতা ধুৱাই


No comments:
Post a Comment