শিক্ষক আৰু শিক্ষা
(শিক্ষক দিৱস সমীপেষু)
জাতিৰাম কমান
প্ৰাচীন কালত ভাৰতবৰ্ষত বিশেষকৈ তপস্যা আৰু সমৰকলাৰ ওপৰত শিক্ষা প্ৰদান কৰা হৈছিল।তপস্যাৰ ভিতৰত যোগ আৰু প্ৰাণায়ামৰ লগতে আসনৰ তালিম দিয়া হৈছিল।সমৰ কলাত ধনুৰ্বিদ্যা,গদাযুঁজ আৰু তৰোৱাল চালনাই আছিল প্ৰধান।তাৰোপৰি বেদৰ সংষ্কৃত শ্লোকবোৰৰ মন্ত্ৰপাঠ,পাঠদানৰ মূল বিষয়বস্তু আছিল।পাঠদান গুৰুকুলত থাকি কলৰিব লগা হৈছিল।গুৰু-কুলৰ স্থানবোৰ হল ঋষি মুনিৰ আশ্ৰমবোৰ।
ভগৱান শ্ৰীকৃষ্ণই সান্দিপনি ঋষিৰ আশ্ৰমত সহপাঠীৰ সৈতে শিক্ষা আহৰণ কৰা কথা মহাভাৰতত পোৱা যায়।
সেই তেতিয়াৰে পৰা মধ্যযুগলৈকে গুৰুকুলৰ সংষ্কৃত টোলবোৰত শিষ্যই শিক্ষা আহৰণ কৰাৰ পৰম্পৰা চলি আহিছিল।কালক্ৰমত আধুনিক যুগত পাশ্চাত্য শিক্ষাৰ প্ৰভাৱত পৰি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ঘটিল।
জ্যোতিষশাস্ত্ৰ, ইতিহাস,ভাষা সাহিত্য চৰ্চাৰ লগতে সমাজবিদ্যা,বিজ্ঞান,
অংকশাস্ত্ৰ আৰু কাৰিকৰী শিক্ষাৰো প্ৰচলন হল কালক্ৰমত।গনিত শাস্ত্ৰটো অৱশ্যে ভাৰতবৰ্ষত পৌৰাণিক যুগৰ পৰা চলি অহা শাস্ত্ৰবিদ্যা।
আমাৰ দিনলৈকে প্ৰাথমিক শিক্ষাটো 'চেকনিৰ আগত বিদ্যা,আহৰণ কৰাৰ পৰম্পৰা আছিল।তেতিয়া শিক্ষাগুৰু
সকলক পণ্ডিত বোলা হৈছিল।আধা কেচেলুৱা ছাত্ৰসকলৰ বাবে পণ্ডিতসকল
যমদূত সদৃশ আছিল।পণ্ডিতক দেখিলেই বহু ছাত্ৰই থৰ কাছুটি হেৰুৱাইছিল।'ক'ৰ চুকটো আঁকিব নজনা বহু ছাত্ৰই ক শ্ৰেনীতেই শিক্ষা জীৱন সাং কৰি নাঙলৰ মুঠিত ধৰিছিল।লিখিব নজনা ছাত্ৰৰ হাতত বাঁহৰ দীঘল স্কেলপাট দুফাল হৈ যোৱাকৈ কোব পৰিছিল।পিঠিত পৰা এছাৰিৰ ঔকিল সহ্য কৰিব নোৱাৰি পঢ়াশালিক দূৰৰ পৰাই নমস্কাৰ কৰি হাতত খালৈ লৈ মাছ ধৰিবলৈ পথাৰলৈ লৰ দিছিল বহুতে।খঙাল মাস্তৰৰ ভয়ত পেপুৱা লাগি স্কুল এৰি ম'হ গৰু চৰোৱাটোৱেই লায়কৰ কাম বুলি গন্য কৰি ল'ৰাই পুৱাতেই দৌৰ দিছিল পথাৰলৈ।চেকনিৰ আগত বিদ্যা প্ৰাথমিক স্তৰৰ পৰা হাইস্কুল শেষান্ত পৰ্য্যায়লৈকে নিয়ম মাফিক চলি আহিছিল কিছু দশক আগলৈকে। অংক মাস্তৰৰ মাৰৰ কোবত হাতৰ তলুৱা ৰঙা পৰি যোৱা কোনে পাহৰিব পাৰে?পাছে যুগ বদলিল।
আজি আৰু সেইদিন নাই।শিক্ষানীতিৰ আমূল পৰিৱৰ্তন সাধন হল।ছাত্ৰ ছাত্ৰীক মাৰধৰ কৰিব নোৱাৰি।এতিয়া চেকনিৰ আগত বিদ্যা অচল হল।আজিকালি আদৰ মৰমেৰেহে শিক্ষাদান কৰাৰ যুগ।
কেনেবাকৈ কোনোবা ছাত্ৰ ছাত্ৰীৰ গাত হাত দিলেই অভিভাৱকৰ ৰঙা চকু!অভিভাৱক নালাগে খটাসুৰ ছাত্ৰৰ ৰঙাচকুলৈ ভয়ত ত্ৰস্তমান হৈ আজিৰ চাম শিক্ষকে হাতত স্কেলপাত এৰিলে।
ইতিপূৰ্বে ঘোষণা কৰা শিক্ষানীতিতটো ফুলকুমলীয়া ছাত্ৰ ছাত্ৰীক পাঁচ বছৰলৈকে একোৱেই নিশিকায়।খেলাধূলা,ৰং ধেমালি,স্বাস্থ্যপাতি,খোৱা বোৱাৰ দিশতেই অধিক মনোনিৱেশ কৰা হব যাতে লৰা ছোৱালীৰ স্কুল যোৱাত আগ্ৰহ বাঢ়ে।প্ৰি নাৰ্ছাৰীৰ পৰা নাৰ্ছাৰী লেবেলৈকে লৰা ছোৱালীৰ আমোদ প্ৰমোদত ধ্যান দিয়া হব।আৰু বহুত পৰিৱৰ্তন অনা হৈছে নতুন কেন্দ্ৰীয় শিক্ষানীতিত।চালুকীয়া অৱস্থাৰ পৰা এগৰাকী ছাত্ৰৰ যিটো বিষয়ত ৰাপ আছে সেই বিষয়তেই আগবঢ়াৰ সুবিধা প্ৰদান কৰা হব।উচ্চতৰ শিক্ষা ব্যৱস্থাত ক'লা,বাণিজ্য আৰু বিজ্ঞান শাখা ভাঙি দি সমূহীয়া পাঠদানৰ ব্যৱস্থা কৰা হব।মানে এগৰাকী ছাত্ৰই বুৰঞ্জী আৰু পদাৰ্থ বিজ্ঞান একেলগে পঢ়িব পাৰিব।সাহিত্যৰ লগত বেংকিং পঢ়িব পাৰিব।অৱশ্যেই এটা যুগান্তকাৰী সিদ্ধান্ত ।
ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁৰ True Knowledge গ্ৰন্থখনিত প্ৰকৃত শিক্ষাৰ স্বৰূপ আৰু শিক্ষকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে বৰ সুন্দৰকৈ বিশ্লেষণ কৰিছে।ড০ ৰাধাকৃষ্ণণক প্ৰাচ্যৰ বিদগ্ধ পণ্ডিত বুলি আখ্যা দিয়া হয়।তেওঁ স্বাধীন ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি আছিল যদিও মূলতে তেওঁক মহান শিক্ষাবিদ বুলিহে জনাজাত।তেওঁ মূলতে শিক্ষকহে আছিল।পণ্ডিতপ্ৰৱৰ সেই মহান শিক্ষাগুৰু জনাৰ জন্মতিথি ৫ চেপ্তেম্বৰটো "শিক্ষক দিৱস" হিচাপে পালন কৰি আহিছে ১৯৬২ চনৰ পৰা।১৮৮৮ চনৰ এই পৱিত্ৰ দিনতেই তেওঁৰ জন্ম হৈছিল।
তেওঁ শিক্ষক আৰু ছাত্ৰ সম্বন্ধে দিয়া সংষ্কৃত শ্লোকৰ উক্তিটো প্ৰণিধানযোগ্য।তেওঁ কৈছে___Yani anavadyani karmani/Tani sevitavyani na itarani..."Don't do all things which your teachers do/whatever blameless acts they do follow them,but not others.অৰ্থাৎ শিক্ষকে কৰা সকলো কৰ্মকেই ছাত্ৰক অন্ধভাৱে অনুকৰণ নকৰিবলৈ কৈছে।গৰিহনাৰ অযোগ্য কৰ্মকহে অনুসৰণ কৰিবলৈ কৈছে।সৰল ভাষাত শিক্ষকৰ ভাল কামবোৰহে অনুসৰণ কৰিব লাগে।এজন চোকা শিক্ষকে ভাল শিক্ষাদান কৰে কিন্তু শিক্ষকজন সুৰাপায়ী!সেইবুলি চোকা শিক্ষক গৰাকীয়ে মদ খায় বুলি ছাত্ৰসকলে সেই শিক্ষকগৰাকীৰ বদ্ অভ্যাস অনুকৰন কৰাতো সমীচিন নহয়।
শিক্ষাবৃত্তিটো অতি পবিত্ৰ বৃত্তি।শিক্ষাদানেই উত্তম দান বুলি কৈছে।শিক্ষাবৃত্তিৰ সমান পুন্যৰ কাম নাই।কাজেই শিক্ষকক সমাজত উচ্চ স্থান দিয়া হয়।অন্য ব্যক্তিতকৈ শিক্ষকক বেছি সন্মানৰ চকুৰে চোৱা হয়।শিক্ষাবৃত্তিটো ব্যৱসায়িক দৃষ্টিৰে নলৈ আধ্যাত্মিক দৃষ্টিৰেহে লব লাগে।সাধুতা হল শিক্ষাগুৰুৰ প্ৰধান পূৰ্বচৰ্ত।শিক্ষাক সেৱাৰ মনোবৃত্তিৰে প্ৰকৃত শিক্ষকে আজীৱন ব্ৰত লৈ জীৱনটো উৎসৰ্গিত কৰে।তেনে শিক্ষকসকল সমাজৰ নমস্য ব্যক্তি।কিন্তু আজিকালি বহু শিক্ষকে শিক্ষাবৃত্তিটো প্ৰফেছন কৰি লৈ ধন ঘটাত লাগি যায়।শিক্ষাক মূলধন হিচাপে লৈ অৰ্থ আহৰণ কৰাতো দোষণীয় নহয় কিন্তু শিক্ষাদানত অকল অৰ্থৰ বিনিময়ত প্ৰদান কৰাটো কেতিয়াও পূৰ্বচৰ্ত হব নালাগে।স্কুল কলেজৰ দৰমহা লৈয়ো বহুতো শিক্ষক প্ৰফেছৰে টিউচনৰ লোভত স্কুল কলেজত ভালকৈ পাঠদান নকৰে।স্কুল কলেজত ভালকৈ পাঠদান নকৰা বাবে বহু ছাত্ৰ ছাত্ৰী টিউশ্যনমুখী হয়।আৰ্থিকভাৱে স্বচ্ছল ছাত্ৰ ছাত্ৰীয়ে অনায়াসে টিউশ্যন কৰি জ্ঞান আয়ত্ব কৰিব পাৰে কিন্তু বহু দুখীয়া ছাত্ৰ ছাত্ৰী টিউশ্যন ফিজ দিব নোৱাৰা বাবে জ্ঞান আহৰণৰ পৰা বঞ্চিত হব লগা হয়।বহু নুবুজা বিষয় তেনেকৈয়ে ৰৈ যায় ভালকৈ শিক্ষাদান নোপোৱাৰ অভাৱত।ছাত্ৰ ছাত্ৰীক স্কুল কলেজত পুংখানুপুংখৰূপে নুবুজাটো বুজাই দিলে টিউশ্যনৰ প্ৰয়োজনেই বা কত?চৰকাৰী দা দৰমহা লৈ স্কুল কলেজত শিক্ষাদানৰ নামত গাফিলতি কৰাৰ সমান দোষনীয় কাম নাই।শিক্ষা এনেয়েও বিনা অৰ্থৰ বিনিময়ত দান কৰিব পাৰে,তেনে পৰিপ্ৰেক্ষিতত বেতনভোগী শিক্ষকে শিক্ষাদানত গাফিলতি কৰাতো উচিত কথা নহয়।
কিন্তু আমাৰ সমাজত এনে কিছু শিক্ষক আছে আৰু এই সংসাৰৰ পৰা বহুতো আতঁৰি গল যিসকলে আজীৱন শিক্ষাদানত বৰ্তী হৈ চৰকাৰৰ পৰা এক পইচা নোপোৱাকৈ জীৱনটো উচ্চৰ্গা কৰি গল।তেনে বহু ভেনচাৰ স্কুলৰ শিক্ষকে নিজৰ গাঁথিৰ ধন ভাঙি স্কুল খুলি প্ৰভিন্সিয়েলাইজৰ মুখ নেদেখি চকু মুদিলে!সেই শিক্ষকসকললৈ আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসত একাঁজলি অশ্ৰু অঞ্জলীৰে শ্ৰদ্ধা নিবেদিছোঁ।চৰকাৰে বেচৰকাৰী,ভেন্সাৰ স্কুল কলেজবোৰ অনতি বিলম্বে প্ৰভিন্সিয়েলাইজ কৰি অবেতনভোগী শিক্ষক কৰ্মচাৰীসকলৰ পৰিয়াললৈ মুখত এমুঠি ভাত যোগান ধৰাৰ ব্যৱস্থা কৰাতো উচিত আৰু এয়া চৰকাৰৰ নৈতিক দায়িত্ব অাৰু কৰ্তব্য।ৰাইজৰ কৰ কাটলেৰে চলা চৰকাৰখনে বঞ্চিত শিক্ষকসকলৰ প্ৰতি সদয় হওঁক।আৰু এয়া চৰকাৰৰ প্ৰধান আৰু প্ৰাথমিক কৰ্তব্য আৰু দায়িত্ব।কাৰণ শিক্ষানুষ্ঠানবোৰ হল আমাৰ ৰাজহুৱা অনুষ্ঠান,এয়া চৰকাৰীয়েই হওক বা বেচৰকাৰীয়েই নহওক কিয়।নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ আগতে যিমানবোৰ নন প্ৰভিন্সিয়েলাইজ্ড স্কুল কলেজ আছে,সেইবোৰক চৰকাৰীকৰণ কৰাৰ ব্যৱস্থা কৰা হওক আৰু নতুনকৈ স্কুল কলেজ খোলাত বাধা আৰোপ কৰক কিছু চৰকাৰী চৰ্ত সাপেক্ষে।তেহে অসমৰ শিক্ষাবিভাগৰ সমস্যাসমূহৰ আশু সমাধানৰ পথ প্ৰশস্ত হোৱাৰ লগতে শিক্ষাখণ্ডৰ আমূল পৰিৱৰ্তন সাধন হব।


No comments:
Post a Comment