সোৱণশিৰিৰ মণি - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

সোৱণশিৰিৰ মণি

 



সোৱণশিৰিৰ মণি

মিনা ৰাম মিলি

              

ৰজনীকান্তই যুগমীয়া কৰা ঘূণাসুঁতিৰ

পাৰে পাৰে অ'ত ত'ত

কঁহুৱা জাৰণিৰ মাজে মাজে

মূৰ ডাঙি থকা চাং ঘৰৰ

ৰৃঃচিঙত বহি তাঃতই

বতাহৰ ঢাৰ আৰু বৰষুণৰ গোন্ধ লই

দিব পাৰিছিল অৱনৰিত

ঢল অহাৰ আগলি বতৰা ৷


ডাং নথকা দোৱাৰ খুলি

সেই অৱনৰিৰ পাৰতেই

চাং ঘৰৰ গর্ভত জন্মিল

সোৱণশিৰিৰ মণি

টাবু টাইড

অ' মিচিং ডেকাটি —৷


টিপ চাকিৰ ধিমিক ধামাক পোহৰত

পোহৰ বিচাৰি ফুৰা অৱনৰি দগনৌ

টাবু টাইড,জাতিটোৰ

মৰমৰ লিগেচি দাতা হ'ল ৷

আগম কৌবাং হ'ল

দোৱান গুচি ভাষা হ'ল

টাইড চাৰ আগম মিগাং হ'ল৷


বৰষুণৰ শব্দৰ উমানত অৱনৰিত

মাছৰ উজান উঠাৰ কথা কোৱা তাঃতই

তলকিবই নোৱাৰিলে

সৰিয়হ ফুলৰ গোন্ধত সাৰপোৱা

ঘূণাসুঁতিৰ পথাৰখন উদং হ'ল

ভাষা শিকোৱা আগম মিগাং

নোহোৱা হল৷

অৱনৰিৰ দুয়োপাৰে

দুখৰ নির্য্যাস বিয়পি গ'ল৷


ভ্ৰাম্যভাষঃ ৯৩৬৫১৫৪৭৭২


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages