চানী লিয়'নী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

চানী লিয়'নী



চানী লিয়'নী

ধন দাস



কি ভাবিছা 

বাথ্‌ টাবত বিকিনি পিন্ধি 


উন্মুক্ত দুচকু 

ওঁঠত ৰঙা গোলাপ 

বুকু আধা উন্মূখ 

নিৰাভৰণ নাভিত পানীৰ কক্‌-বক্‌


কি ভাবিছা 

তোমাৰ বৰ্ণনাত বিভোৰ কবিৰ কথা 

নে

ক্লীৱতাৰে নীলা পৃথিৱীত ভ্ৰমি ভ্ৰমি 

বিজলুৱা হৈ পৰা সময়ৰ কথা 


কি ভাবিছা 

দিনে দিনে বাঢ়ি গৈ থকা লিংগ বৰ্ধক 

বিজ্ঞাপনৰ কথা 

নে 

বাঢ়ি গৈ থকা ১৮+ এপবোৰৰ বেপেৰুৱা

ষ্টাইলৰ কথা 


কি ভাবিছা 

দেশত কিহৰ দাম বেছি

জীৱনৰ নে ভোকৰ ?


দেশত চলিছে কি 

প্ৰেম নে বিলাসী পৰ্ণ 


চিত্ৰকৰে এখন ছবি আঁকিছে তোমাৰ 

কাপোৰ নাই তাত 

হাত এফালে মুখ এফালে বুকু এফালে

ভৰি এফালে 


কি ভাবিছা 

স্খলিত বীৰ্য্যবোৰ নলাত পৰাৰ কথা

নে 

স্খলিত চৰিত্ৰৰ উদ্দাম অভীসাৰৰ কথা 


বুজিব পৰা নাই এখন ছবি 

কাগজেৰে মেৰিওৱা কোমল কান্দোন এসোঁতা 

পৰি আছে জাৱৰৰ দ'ম এটাত 


আৰু এখন ছৱি 

ৰাষ্টাৰে খোজ কাঢ়ি গৈ আছে এজনী পাগলী 

ভাগৰুৱা অলস দুচকুত পৃথিৱী 

ক্ৰমশ বাঢ়ি অহা পেটত এখন শীৰ্ণ হাত 


কি ভাবিছা 

একো ভাবিব পৰা নাই চাগে

তুমি সম্ভ্ৰান্ত যৌনশিল্পী 

কণ্ডমতে চেপি ৰাখিব জানা শুক্ৰানু 

ধুনীয়া কিটিপ


এতিয়া সকলোতে মূল্য বৃদ্ধি 

সুদা ভাতেৰে সপোন দেখিব নোৱাৰি 

অথচ ভৰা যৌৱনেৰে ৰমৰমীয়া হৈ আছে নীলা পৃথিৱী


ভোকত যুঁজত জে'লত থাকিলেও 

নকমে মৈথুন স্পৃহা 

সেয়ে আমি সকলো বেশ্যা 

হাতত এতিয়া আইনী সুৰক্ষা 


কি ভাবিছা 

একো নাভাবিবা 

এইয়া উত্তৰ আঠু-নিকত খোৱা  কথা


(বি:দ্ৰ: = অঞ্চলভেদে আঠুৰ চাল ছিগাটোক "আঠু নিকত খোৱা" বুলি কথিত আছে )


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages