সম্ভৱত ঈশ্বৰৰ বাট ৰ'দৰ বাবেই সমৰ্পিত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

সম্ভৱত ঈশ্বৰৰ বাট ৰ'দৰ বাবেই সমৰ্পিত


সম্ভৱত ঈশ্বৰৰ বাট ৰ'দৰ বাবেই সমৰ্পিত

কমলেশ্বৰ কলিতা


এটা কাপত ৰ'দ। মই চুমুক দিবহে পালোঁ -, ৰ'দ পোনে পোনে নাভিত শিপালেহি।


আচলতে নাভিটো মোৰ নাছিল। আইৰ পৰাহে ধাৰলৈ লোৱা। 

পিতাই বন্ধকত দিছিল মেঘ অলপ ।


এই যে মেঘ, নাভি আৰু গতিবোৰ - 

তোমাৰে মোৰে নহয়নে অনন্য বাট ?


নে মোৰ পৰা তোমালৈ অথবা বাটবোৰৰ পৰা পোখা মেলা আন এটা বাট ঈশ্বৰলৈ;


সম্ভৱত ঈশ্বৰৰ বাট ৰ'দৰ বাবেই সমর্পিত। 

ই যেন জীৱনৰ উহ্। ইচ্ছাৰ আদিতম সত্য।


মই তোমাক নেদেখোঁ, তুমি মোক নেদেখা। অথচ মাটিত শিলৰ নিৰ্ভীক আদিপাঠ ! 

আজিলৈকে আমাৰ কোনেও শুনা নাই। 

আমাৰ কোনেও খবৰ ৰখা নাই ।





ফোনঃ 9435862800


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages