ছেকনিৰ আগত বিদ্যা
যতীন মিলি
সোঁৱৰণিৰ সৰোবৰত যেতিয়া পৰিভ্ৰমণ কৰোঁ
তেতিয়া মনাকাশত উদয় হয় অলেখ প্ৰশ্ন সূৰুযৰ !
তাহানি হেড ছাৰৰ কোঠাত এবাৰ প্ৰৱেশ কৰিবলৈ
দহবাৰ পিছ হুঁহকি পিছ হুঁহকি আহিছিলোঁ
অংক ছাৰৰ ছেকনিৰ কোবত চকুৰে দেখিছিলোঁ সঁৰিয়হ ফুল
কালৰ বুকুত হেৰাই গৈছে মূল্যবোধৰ শিক্ষা
হেৰাই গৈছে গুৰুভক্তি
অপৰিপক্ক অসচেতন অভিভাৱকৰ অজ্ঞতাৰ ধূলিত
এডিঙি পোত গৈছে মানৱ সম্পদ নিৰ্মাণৰ কাৰখানা
এতিয়া
উভত মাত-কথাৰে ভৰি পৰে পানী খোৱা ছুটী
অমাৰ্জিত আচৰণেৰে উত্তাল হয় বাট-পথ, পঢ়াশালিৰ চোতাল
হাত-ভৰি বন্ধা গুৰুসৱে ধৰি থাকে
চকু মুদা কুলিৰ ভাও
বুকুৰ দুখ বুকুতে সামৰি
ছেকনিৰ মাত এষাৰ ইকাণে-সিকাণে পোৱালি জগিলেই
এজাহাৰৰ বিষয় হৈ পৰে শিক্ষক
হৈ পৰে দাগী অপৰাধী
এতিয়া আপুনিয়েই কওক মহাশয়
বাট এৰি অবাটে যোৱা অভিভাৱকৰ সন্তানে
শিক্ষকে দেখুৱাই দিয়া বাটেৰে বাট বুলিবনে !!!


No comments:
Post a Comment