প্ৰেম অপ্ৰেম
ৰেখাৰানী দত্ত
বঙাইগাওঁ, অভয়াপুৰী
তাত এতিয়া,
নুফুলা হ'ল
ৰজনীগন্ধা।
তাত এতিয়া,
নুফুলে প্ৰেম নামৰ
সুগন্ধি ফুলপাহ।
কেনেকৈ পাহৰি যাওঁ ,
সেই দিনবোৰৰ কথা ।
কেনেকৈ কটাও,
নিশাবোৰ এতিয়া।
এতিয়া
ভয় লগা হ'ল ,
প্ৰেম নামৰ
গভীৰ সাগৰ খনত
জঁপিয়াই পৰিবলৈ।
কিজানিবা
দুদিনৰ বাবে
আকোঁৱালি লৈ,
আকৌ
আঁতৰি যোৱা
মোৰ পৰা।


No comments:
Post a Comment