ভুলবোৰ
ভূমিকা দাস
গুৱাহাটী
জীৱন সোনালী সূতাৰে বান্ধিবলৈ লওঁতেই
আঁত হেৰাই গ'ল
আক্ষেপৰ ক'লা পোছাক যোৰ পিন্ধি
কিমাননো বুলিবা বাট
হুমুনিয়াহতে যেন স্বস্তিৰ নিশ্বাস...
হেৰাই যাওঁ
শুই থকা পৃথিৱীৰ শব্দই আমনি কৰে যেতিয়া
ৰ'দৰ তাপত দেহ পুৰি ছাই বৰণীয়া কৰিবলৈও কুন্ঠাবোধ নহয়
হৃদয়ঙ্গম কৰিবা
মানৱৰ আকৃতিৰে মানৱ বুলি দাম্ভিকতাৰে দপদপনি
আখৈ দিয়া কথাৰে কিয়নো প্ৰহাৰ কৰা
আটোমটোকাৰিকৈ ৰখা তৰাৰ দৰদী হিয়া..
অভাৱৰ উচ্চ পাহাৰখন শিৰত লৈও
স্হিতপ্ৰজ্ঞ সূৰ্যৰ দৰে
মৰমৰে পোহৰাব খোজোঁ
আন্ধাৰ
যত্ন ল'বা
ভালকৈ থাকিবা ..
তুমি লিখা
কিতাপখনৰ বেটুপাততেই সেই কন্ঠস্বৰ ৰিণি ৰিণি বাজে
দুটা শব্দয়ো কৈ যায় বহুতো কথা
ভুলবোৰ বুজিবলৈ সময় লাগে
কিবা যেন এটা মিঠা অনুৰাগ জাগে
ভুলবোৰ
জীৱন জীয়াবলৈ প্ৰেৰণাময় যেন লাগে ৷
ভ্ৰাম্যমাষ 9365060029


No comments:
Post a Comment