কৰ্তব্য সদায় বয়
মিনু হাজৰিকা
সময় সোঁত বলি যায় ,
দুনাই নাহিব ঘুৰি ৷
আজিৰ এই সোণালী দিন ,
নাপাই ঘূৰাই কালি ৷
দিনৰ পিচতে ৰাতি আহে ,
ভাবিলে জীৱন মৰে ৷
ল’ৰা কাল গৈ যৌৱন পালোঁ ,
দুদিন পিচতে জ’ৰে ৷
সময় সোঁতে দুখত পেলাই
মানুহৰ মনুষ্য হৰে ৷
ধন মান যে সকলো যায় ,
সময়ৰ কাম বিনে ৷
আজি ছোৱালী কালি গাভৰু ,
দিন সদা বৈ যায় ৷
আজিৰ সোঁত কালি নবয় ,
" কৰ্তব্য সদায় বয় “ ৷


No comments:
Post a Comment