বৃত্ত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

বৃত্ত


বৃত্ত

ৰেমী শৰ্মা

হোজাই


ৰে'লখন গৈ আছে

গছবোৰ যাত্ৰীৰ লগে লগে দৌৰিছে


আস! কি এক পুৰণা ফাঁকি


ক্ৰমান্বয়ে ৰে'লখন ঘূৰণীয়া হৈছে

বৃত্তৰ আকাৰ পাবলৈ 

আৰু অকণমান ভাঁজ থাকোতেই 

সৰু লৰা দুটা সোমাই আহিল

হাতত সেইবোৰ কৃতিম বৃত্ত 

সিঁহতৰ ধাৰণাত জোনতকৈও গোল 


উদং ভৰি

গাত এপটীয়া চেলেং

শৰাধ পতাৰ যো-জা কিজানি


যাৰ শৰাধ

কি বিচাৰিব তেঁও...


চাৰিখন হাতৰ বিশটা আঙুলিয়েই

একো একোটা সম্ভাৱনাপূৰ্ণ বৃত্ত


ৰেলিং নোহোৱা নদী এখন পাৰ হওঁতে

ৰে'লখনে জোখতকৈ বেছি শব্দ কৰিছে

ষ্টেচন গৈ পোৱাৰ পিছত 

বৃত্তটো সম্পূৰ্ণ হ'ল


মোৰ ধাৰণাটোৱে মগুজুত থিতাপি লোৱাৰ আগেয়েই

বৃত্ত কেইটাই প্ৰতিবাদ কৰিলে

ৰেলখন আয়তৰ দৰে হ'ল 


মই বৃত্তক বিচাৰি চলাথ কৰিলোঁ

ৰে'লৰ ইমূৰৰ পৰা সিমূৰলৈ

ল'ৰাকেইটৰ লগতে বৃত্তও নোহোৱা হ'ল




ফোনঃ 6000717800


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages