মোহভংগ
নীলিমা বৰগোহাঁই
শিৱসাগৰ
৩০-৩৫ বছৰীয়া এজন যুৱক। নাম তাৰ সনাতন। মূৰত গধুৰ বোজা। প্ৰায় ৭০-৮০ কিলো ওজনৰ কয়লা ভৰ্তি এটা বস্তা। কঠোৰ পৰিশ্ৰমৰ চিন শৰীৰত স্পষ্ট। ইমান দুখ-যন্ত্ৰণাৰ মাজতো স্বভাৱ সূলভ হাঁহিৰে আমাক মাত এষাৰ দিছিল। পেটৰ তাড়নাত চিলাপথাৰৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আহি কয়লাৰাণী মাৰ্ঘেৰিটাৰ খনিত অবৈধভাৱে কয়লা সংগ্ৰহত ব্যস্ত। জীৱনটো হাতৰ মুঠিত ৰাখি পাহাৰৰ পৰা অতি বিপদ সংকুল পথেৰে বোজা কঢ়িয়াই আনিছিল। কেইটামান টকা সৰহকৈ পোৱাৰ আশাৰে প্ৰয়োজনতকৈ অধিক পৰিশ্ৰম কৰিছিল। কাৰণ, এইবাৰ পূজাত সি তাৰ আজলী মাকজনীলৈ, সুখে-দুখে এক হৈ থকাৰ প্ৰতিশ্ৰুতিৰে মাক-দেউতাকৰ অমতত ঘৰ এৰি অহা জীৱনৰ লগৰী মিলিজনীলৈ আৰু যুগ্মজীৱনৰ সাক্ষী চুমচুমলৈ কাপোৰ আৰু আন বস্তু কিনিব। প্ৰয়োজনীয় সামগ্ৰীসমূহ লৈ পূজাৰ ছুটী ত ঘৰ পালেগৈ। ঘৰৰ পৰিস্থিতি দেখি সি হতভম্ব হ'ল। ঠিক, সেইসময়তে তাৰ ভ্ৰাম্যভাষ যন্ত্ৰটি বাজি উঠিল। সিফালৰ পৰা মিলিৰ মাত- " তোমাৰ সৈতে সুখী হ'ব নোৱাৰি মই গুচি আহিলো"।
চুমচুমক বুকুত সাৱটি সনাতন ঠাইতে বহি পৰিল। সি আৰু কাকো হেৰুৱাব নিবিচাৰে ।
No comments:
Post a Comment