আকৌ আহিল শৰৎ
ইনু দত্ত
গুৱাহাটী
আকৌ আহি পালেহি শৰৎ ৷ গ্ৰীষ্মক বিদায় দি শীতক আদৰণি জনোৱা শৰৎ ৷স্নিগ্ধ জোনাক বোৰেও আৱৰি
ধৰে নীল আকাশ শৰতৰ আগমনত ৷ শৰতৰ আগমনৰ লগে লগে প্ৰত্যেকৰে মন গহনত ফুলি উঠে আশাৰ পাপৰি ,ৰঙীন স্বপ্ন ৷ মন ভৰি উঠে অলেখ স্বপ্নই ৷
শৰতে কঢ়িয়াই আনে শেৱালিৰ মধুৰ সুবাস ৷ ফুলি উঠে আগচোতালৰ শেৱালি জোপা ৷ তলভৰি সৰিপৰা বগা বগা শেৱালি ফুলেৰে যেন বগা দলিচা এখনহে পাৰি থৈছে কোনোবাই৷ দুবৰিৰ দলিচাত নিয়ৰৰ কণিকা লাগি জিলিকি উঠে শাৰী শাৰী মুকুতাৰ মালা ৷ নীলা আকাশত শুকুলা ডাৱৰে লুকা- ভাকু খেলে ৷
চু্ম্বন কৰে ইটোৱে সিটোক ৷উজ্জ্বলি উঠে নীল আকাশ ৷ডাৱৰৰ মাজে মাজে ডেউকা কোবাই উৰি যায় এজাক অচিন চৰাই ৷
শৰৎ মানেই কহুঁৱা ফুলাৰ বতৰ ৷নদীৰ বালিচৰত কহুঁৱাই হালি জালি নাচোন ধৰে ৷ নৈৰ বুকুৰ জলৰাশিও যেন ঢৌ তুলি তুলি নাচোনত বিভোৰ ৷
শৰতৰ আগমনে জীপাল কৰে প্ৰকৃতিৰ বুকু৷ শৰতে কঢ়িয়াই আনে আশাৰ বতৰা ৷গাভৰু হয় কৃষকৰ ধাননি পথাৰ ৷ধানে গেৰঁ মেলে৷ সপোন ৰচে কৃষকে হালি- জালি থকা পথাৰডৰা চাই চাই ৷
শৰতৰ আকুল আহ্বানত শাৰদী ৰাণী ন কাচোনে কাচে৷ সকলোৰে মনত পূজা পূজা লাগে৷মন পুলকিত হয় আনন্দৰে ৷ শৰৎ এটি ঋতু মাথোঁ নহয় ৷শৰৎ উৎসৱৰ আনন্দ কঢ়িয়াই অনা এটি
ভাল লগা অনুভৱ৷
No comments:
Post a Comment