সমাজ সেৱা বনাম আদৰ্শ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, October 5, 2022

সমাজ সেৱা বনাম আদৰ্শ

 


সমাজ সেৱা বনাম আদৰ্শ

জাতিৰাম কমান


   মানুহ সামাজিক প্ৰাণী হোৱা বাবে সমাজ পাতি থাকি ভাল পায় আৰু সমাজৰ কাম কৰে।সমাজৰ কাম কৰিলে হেনো সমাজত নাম হয়।ৰাইজে ভালপোৱা নোপোৱা পাছৰ কথা কিন্তু সমাজত প্ৰতিপত্তি বৃদ্ধি পায় তেওঁৰ,যিয়ে সমাজৰ কাম কৰে!

   সমাজৰ কাম কৰা মানুহৰ আকৌ দুটা শ্ৰেনী আছে।এটা শ্ৰেনীয়ে ৰাইজৰ টকাৰেই ৰাইজৰ মূৰত কঠাল ভাঙি খাই সমাজত থূলন্তৰ হৈ থাকে।মানে ৰাইজৰ ভোটেৰে ৰাইজৰ প্ৰতিনিধি হৈ,এমেলে মন্ত্ৰী জাতীয় কিবা এটা হৈ সমাজত নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰে।এইশ্ৰেনীৰ সমাজকৰ্মীক উত্তম শ্ৰেনীৰ বুলি ৰাইজে গন্য কৰে।এই শ্ৰেনীৰ সমাজকৰ্মীয়ে আকৌ ৰাইজ তথা দেশৰ টকা সৰকাই নিজক ধনাঢ্য ব্যক্তি কৰাৰ লগতে ক্ষমতাশালী হৈ থাকে সমাজত। তলে তলে খঙত গুজৰি গুমৰি থাকিলেও কিন্তু মানুহে আনক দেখুৱাই সমীহ কৰি চলে তেনে সামাজিক নেতাক।কবলৈ গলে সেইবিধ প্ৰতিপত্তিশীল সমাজ সেৱকৰ কৃপাধন্য হবলৈ নিৰ্লজ্জ প্ৰতিযোগিতা চলে তৈলমৰ্দনত যিসকলক নোপোৱাখিনিয়ে চোৱা চেলেকা বোলে;ইংৰাজীত বুত লিকাৰ।তেনে চোৱা চেলেকাজাতীয় ৰাইজ,আমোলা বিষয়াবোৰ সমাজৰ বাবে প্ৰকৃততে একোৱেই নকৰে।বিপৰীতে নিজৰ পৰিয়াল পৰিজন,অঙহী বঙহীৰ বাবেহে সুবিধা আদায় কৰে,লাগিলে সমাজ জহন্নামে যাওক এইবিধৰ তেনে চিন্তা মূৰত নাহে,নিজৰ কাম হাচিল হলেই হল।নেতাৰ পকৰত ঘূৰা দেখুৱাই দেশসেৱা কৰাৰ আখৰাও চলিল কোৰোণাৰে ধন চপাই তিনিপুৰুষে খাব পৰাও কৰিল।এইবিধ হল চিজন'ড বুত লিকাৰ।যিয়েই পাৱাৰত থাকিব তাৰেই বুত চেলেকিব।দল,আদৰ্শৰ কথা নাই।

  দ্বিতীয়বিধ সমাজকৰ্মী হল বেঙা আৰু অঁকৰা বিধৰ।এইশ্ৰেনীয়ে নিজৰ পকেটৰ ধন খৰছ কৰি নিজে নাখায়ো আনক খুৱাই নিজকে নিজে ধন্য মানে সমাজ সেৱক বুলি।তেনে শ্ৰেনীৰ সমাজ সেৱকৰ পাছত মানুহে কিন্তু নুঘূৰে!কাৰণ,এইশ্ৰেনীৰ সমাজ সেৱকৰ ধন,ক্ষমতা ও প্ৰতিপত্তি নাথাকে।এই শ্ৰেনীয়ে সাধু বচন আওৰোৱা বাদে ৰাইজৰ কাৰণে একোৱেই কৰিব নোৱাৰে; বুলি মানুহে ভাৱে!কিন্তু প্ৰকৃততে সেয়া নহয়।তাতেই মূৰমতি পথালি চকুৱা মানুহৰ ডাঙৰ ভুলটো হয়!চিনি পোৱাৰ পাছত বহুত দেৰি হৈ যায়!

   নিজৰ গাঁঠিৰ ধন ভাঙি সমাজ সেৱা কৰাজনে সমাজৰ বাবে সকলো কৰিব পাৰে,নিজৰ প্ৰাণ পৰ্য্যন্ত আহুতি দিব পাৰে।বিপৰীতে ৰাইজৰ টকাৰে নিজকে সমাজ সেৱক বুলি জাহিৰ কৰা চামে ৰাইজৰ মূৰত মাধমাৰ দি সম্পত্তিৰ পাহাৰ গঢ়ে,প্ৰতিপত্তি

শীল হয়।এই শ্ৰেনীয়ে আচলতে নিজৰ বাবেহে সমাজসেৱা কৰে;সমাজসেৱাৰ চলেৰে দেশৰ সম্পদ লুটে।ৰাইজ জহন্নামে গলেও চিন্তা নকৰে এইচামে।

     সমাজ সেৱা কৰিবলৈ প্ৰথমে কোনোবা মনিষীৰ আদৰ্শত উদ্ধুদ্ধ হব লাগিব।দেশ তথা সমাজৰ বাবে ত্যাগ স্বীকাৰ কৰা মহান ব্যক্তিৰ আদৰ্শত অনুপ্ৰাণিত হৈহে বহুতে সমাজসেৱাত ব্ৰতী হয়।ভাৰতবৰ্ষত শিখ ধৰ্মগুৰু নানকক আদি কৰি গান্ধীজী,স্বামী বিবেকানন্দ,ঋষি অৰৱিন্দ,ৰামকৃষ্ণ পৰমহংস,বিনোৱা ভাৱে ইত্যাদি মনিষীগন আছে যিসকলৰ আদৰ্শত উদ্ধুদ্ধ হৈ বহু সেৱাশ্ৰম হৈছে বা অগনন লোক তেনে সেৱাত ব্ৰতী হৈছে।

   এইখন চৰকাৰৰ দিনত আকৌ চাভাৰকাৰ,

দীনদয়াল,গুলৱৰ্কাৰ আদি কিছু নাম জড়িত হল সমাজসেৱাৰ নামত,যিসকলৰ নাম ৰাষ্ট্ৰীয় স্বয়ম সেৱক"ৰ সতে জড়িত।

  ৰাষ্ট্ৰীয় স্বয়ম সেৱক' চমুকৈ আৰ এচ এচ নামটো ভাৰতবাসীয়ে স্বাধীনোত্তৰ কালৰ পৰা ভাল দৃষ্টিৰে চাই অহা নাইকিয়া।কাৰণ,আৰ এচ এচৰ কৰ্মী নাথুৰাম গডচেৰ দ্বাৰা জাতিৰ পিতা মহাত্মা গান্ধীৰ নিধন হৈছিল।জাতিৰ পিতাৰ হত্যাকাৰী জঘন্য অপৰাধী গডচেক আদৰ্শ হিচাপে মানি লোৱা আৰ এচ এচ ক নো ভাৰতবাসীয়ে কিয় মানি লবনো?

    কিন্তু দিন কাল বদলিল।আজি আৰ এচ এচ'ৰ নিৰ্দেশত দেশৰ শাসনভাৰ চলিছে।কালৰো কাল বিপৰীত কাল,হৰিণাই ছেলেকে বাঘৰ গাল'ৰ দৰে দেশৰ অৱস্থা।এতিয়া বাঘে ছাগে একেটা ঘাটতেই পানী খাব লগা হৈছে।

   যুক্তিৰ খাতিৰত বাৰু গান্ধীজীক আজিৰ প্ৰেক্ষাপটত অকন মান সময়ৰ বাবে চাইড লাইন কৰি,মানে একাষৰীয়াকৈ থৈ আৰ এচ এচ শাসিত ভাৰতবৰ্ষৰ কথাকে চিন্তা কৰোঁচোন।মানি ললোঁ যে গান্ধীজীৰ ৰাম ৰহিম/ঈশ্বৰ আল্লাৰ ভাৰততকৈ হিন্দুৰাজ শ্ৰেয়।দীনদয়াল,চাভাৰকাৰ,শ্যামা প্ৰসাদ মুখাৰ্জীৰ আদৰ্শই ভাল বুলি ধৰি ললোঁ।

   ভাল নুবুলিবলৈনো আৰু কিটো বাকী থাকিল?আৰ এচ এচ পুষ্ঠ জনসংঘ বা বিজেপিয়েতো কেবাবাৰো শাসন কৰি আহিছে ভাৰতবৰ্ষ।গান্ধী,নেহৰু,পেটেলৰ আদৰ্শত পিষ্ট হৈ নেতাজী,দীনদয়াল,শ্যামা প্ৰসাদ আদিৰ গুণগান নহল যেনিবা।কংগ্ৰেছৰ পাপৰ প্ৰায়শ্চিত্তৰ বাবেই হওক বা দীন দয়ালৰ অতৃপ্ত আত্মাক তৃপ্ত কৰিবলৈকেই হওক,আৰ এচ এচৰ ছত্ৰছায়াত দেশ শাসন কৰিবলৈ সুযোগ পাইছে গান্ধীক আদৰ্শ বুলি নমনা সকলে।প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশত সুশাসনৰ নিদৰ্শন এৰি থৈ গৈছে।এক কথাত কবলৈ গলে অতদিনে অতৃপ্ত আত্মাৰ দৰে চৰি ফুৰা চাভাৰকাৰ/দীনদয়ালৰ হিন্দুত্ববাদে ৰাষ্ট্ৰীয় ধব্জ হাতত লৈ অতৃপ্ত আত্মাৰ অভিলাষ পুৰণ কৰিবলৈ সুযোগ পালে হিন্দুৰাজৰ বাবে অথবা জাতিৰ পিতাৰ হত্যাৰ প্ৰায়শ্চিত্তৰ সুযোগ পালে।অভিধা(narratives)যিয়েই নহওক!

   মোদি কালতোচোন নিতিন গাডকাৰীৰ দৰে এগৰাকী ভাল,কৰ্মঠ কেবিনেট মন্ত্ৰী দেশে লাভ কৰিছে।গাডকাৰী এগৰাকী কট্টৰ আৰ এছ এছ।আৰ এছ এছ অনুগত যদিও তেওঁক গডছে ভক্ত যেন নালাগে।তেওঁ সুকৰ্মৰ যোগেদি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।

    গান্ধীৰ হত্যাকাৰী গডচেৰ অনুগত প্ৰাৰ্থী আৰ এচ এচ বিজেপিক দেশৰ জনতাই বুকুত শিল থৈ হলেও কেবাবাৰো সুবিধা দিছে যাতে জনতাই সুশাসন পায় দেশত।গান্ধীৰ নামত মোলাই খোৱা ক্ষমতান্ধ কংগ্ৰেছী গালক এসেকা দিবলৈ বা ৰাস্তাত আনিবলৈ দেশৰ জনতাই নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰি হলেও বিজেপিক শাসনৰ গাদীত বহুৱাইছে যদিও এয়া দেশৰ জনগনৰ আদৰ্শৰ পৰিপন্থী আছিল!কিন্তু উপায়োতো নাছিল দেশৰ জনতাৰ।কংগ্ৰেছে গান্ধী পূজা এৰি গান্ধীৰ নামত ব্যক্তি পূজা কৰা বাবেই দেশৰ জনতা কংগ্ৰেছৰ প্ৰতি নাৰাজ হল আৰু পৰিণতি এয়া।

   ইযিকিনহওক,আমি গান্ধীৰ দেশৰ মানুহ।গান্ধী পূজন কৰি গান্ধীহন্তাক একেই বেদীত ৰাখিলে জানো দেশৰ মঙ্গল হব?কেতিয়াও নহয়।সম্প্ৰতি দেশৰ ৰাজনীতিত অশনি সংকেট!দেশৰ ক্ৰুদ্ধ জনতাৰ বুকুত অগনি!

   আজিৰ তাৰিখত দেশৰ জনতাই বহুত গভীৰ ভাৱে চিন্তা কৰিব লাগিব আমি কোনফালে গতি কৰিছো?আমাৰ ৰাজনৈতিক আদৰ্শ কি হোৱা উচিত?আমাৰ দেশৰ আত্মা প্ৰকৃততে কি?সংবিধান মুখ্য নে ধৰ্ম?ধৰ্মক দোহাই ৰাষ্ট্ৰনিৰ্মাণ নে সংবিধানক দোহাই গনতান্ত্ৰিক প্ৰজাতন্ত্ৰ?

    দেশ আজি বিচলিত!দেশ দোমােজাত!দুই নাৱত দুই ভৰি!

   সংবিধানক দোহাই,সংবিধানক সাক্ষী কৰি,সংবিধানক পৱিত্ৰ গ্ৰন্থ হিচাপে বুকুত সোমোৱাই লৈ দেশৰ জনতাই নিজৰ আত্মাক সুধি কল্যানকামী ৰাষ্ট্ৰ নিৰ্মানৰ সপক্ষে যদি নিজৰ ভোটাধিকাৰ সাব্যাস্ত কৰে তেন্তে দেশে গান্ধীক আকৌ ঘূৰাই পাব।অহিংসাৰ বেদীত গান্ধী আকৌ উপৱিষ্ট হৈ সেই নিৰ্ভেজাল হাঁহিটো মাৰিব,স্বচ্ছ চছমাযোৰে মৰমেৰে আকৌ চাব দেশৰ জনতাক।


পুচ্ছপদ:-

      কিছুমান মানুহৰ লগত সামাজিক কামত যোৱাও বিপদ!সেইচাম তৃণমুল পৰ্য্যায়ৰ সনাজকৰ্মীৰ কোনো নিৰ্দিষ্ট আদৰ্শ বোলা বস্তু নাথাকে আৰু চিন্তাও নকৰে প্ৰয়োজন বোধো নকৰে।তেওঁবিলাকৰ মুল উদ্দেশ্যই হল পাকে প্ৰকাৰে ৰজাঘৰীয়াৰ পৰা কাম হাচিল কৰা।সেইবিধৰ মতে যি ৰজা আমি তাৰ প্ৰজা।লাগিলে ঘোৰ শত্ৰু বা কাঠৰ মূঢ়াই হওক,আমি হাতে ভৰিয়ে ধৰি হলেও কাম আদায় কৰিব লাগে,গুলি মাৰ আদৰ্শ চাদৰ্শ!

    এগৰাকী তেনে ব্যক্তিয়ে আমাক প্ৰায়ে কামোৰ দি থাকে যে আপুনি অমুকটো কৰক তমুকটো ভাৰ লওক।লেখা মেলা কৰা জনা বুজা মানুহ।অমূক হল আৰ এছ এছ'ৰ মানুহ।উত্তৰ পূবৰ মেইন।চৰকাৰখন তেওঁলোকৰ নিৰ্দেশত চলে!অমূকক সভাপতি পাতোহক।তেওঁ আৰএছএছৰ মূল মানুহ! ইত্যাদি নানান তাগিদা......।

   কথাবোৰ শুনি যাওঁ।কি কওঁ,কি নকওঁ,কি কৰোঁ,কি নকৰোঁ দুমোজাত পৰোঁ!

   সেই যে তেওঁ ক'লে মোৰ বিষয়ে__আপুনি পঢ়া শুনা কৰা লোক,জনা বুজা মানুহ!__তাতেইতো মস্কিল হল!স্কুলীয়া দিনৰে পৰা গান্ধী নেহৰু পঢ়ি পঢ়ি গান্ধীপোকে অনবৰত মগজুত কিলবিলাই থাকে।তেনেক্ষেত্ৰত আমিনো কি সতেৰে নাগপুৰত গৈ সাবাৰকাৰৰ ফটোত মাল্যৰ্পন কৰি স্তুতি কৰি কম সাবাৰ্কাৰক 'বীৰ সাবাৰ্কাৰ' বুলি?যি ব্যক্তি স্বাধীনতা সংগ্ৰামত বৃটিছৰ পক্ষ লৈছিল?চাৰেণ্ডাৰ কৰিছিল!সেইজন আকৌ কেনেধৰণৰ বীৰ???

   ইতিহাসে মিছা কথা নকয়।ইতিহাসক বিকৃত কৰিবও নোৱাৰি।সত্য অনমচ্য।

   সমাজৰ সৰু সুৰা কাম কৰিলেও আদৰ্শক নেওচি একো কাম কৰিব নোৱাৰি।মনে মানিলেও মগজুৱে বাধা দিয়ে।মুঠতে আমি নোৱাৰোঁ।লাগিলে সামাজিক ভাৱে একাষৰীয়াই হৈ থাকক সেইবুলি যধে মধে কোনো বাদ বিচাৰ নকৰাকৈ সামাজিক কাম কৰিব নোৱাৰি।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages