মেটেকাৰ ফুল
জুৰি গোস্বামী শৰ্মা
দৃষ্টিৰে ঢুকি পোৱালৈ কেৱল বিস্তৃত
এক অনামী হেঁপাহৰ ছঁৱি
যাৰ ৰঙে নয়ন জুৰাই
হৃদয় ভৰাই
অনাবিল প্ৰশস্তিত দুচকুত থৰ হয়,
ইমান সুন্দৰ পানী মেটেকাৰ ফুল !
অস্তিত্বহীন নিজস্বতাহীন তথাপি
মন জুৰণীয়া শীতল প্ৰশস্তি
কোনেও নকৰে আদৰ
কোনেও নলয় খোপাত
কোনেও নলয় আপাহত
কোনেও আনি নোৰোৱে বাগিচাত,
তথাপি যেন অভিযোগ নাই
বিভোৰ নিজৰ মাজত
সুন্দৰৰ আৰাধনাত ।
পানীয়েই জীৱন যাৰ
পানীয়েই আশ্ৰয় যাৰ
পানী মেটেকা নাম যাৰ।
পাঠশালা, জ্যোতিনগৰ
জিলা- বজালী(অসম)
ডাকসূচাংক--৭৭১৩২৫
ভ্ৰাম্যভাষ--৬৯০১৩৪৭৪৩৮
মেইল--jurigoswami1999@gmail.com


No comments:
Post a Comment